বাক্সা : ১০ অক্টোবৰত পৰ্যটকৰ বাবে অনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ, প্ৰকৃতিৰ ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ ২০১৮-১৯ পৰ্যটন বৰ্ষৰ বাবে ৰঙা ফিতা কাটি ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিব বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীয়ে৷ মুকলি অনুষ্ঠানত উপস্থিত থাকিব কেইবাজনো বিদেশী পৰ্যটক৷ উদ্যানখন মুকলি কৰাৰ পিছত জীপ ছাফাৰি, হাতী ছাফাৰি আদিও আৰম্ভ কৰিব। ইপিনে দেশী-বিদেশী পর্যটকসকলক আদৰিবলৈ সাজু হৈ উঠিছে বিভিন্ন এন জি অ’, অতিথিশালা। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই সদৰী কৰা অনুসৰি এইবেলি পর্যটকে উদ্যানখনৰ বাঁহবাৰী প্ৰৱেশদ্বাৰ, কাঁহিতামা বীট অফিচ, ভূঞাপাৰা ৰেঞ্জ অফিচ, ককিল্লাবাৰী আৰু বাণবাৰী ৰেঞ্জ অফিচৰ প্ৰৱেশ পথেৰে ভিতৰত প্ৰৱেশ কৰিব পাৰিব। আনহাতে উদ্যানখনৰ অন্তৰ্ভাগত বনভােজৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰাৰ উপৰি উদ্যানখনক প্ৰদুষণমুক্ত কৰাৰ উদ্দেশ্যে সকলাে ধৰণৰ পর্যটকে উদ্যানখনৰ ভিতৰত প্ৰৱেশৰ সময়ত লগত নিয়া প্লাষ্টিক পেকেট, পানীৰ বটল ইত্যাদিৰ হিচাপ প্রৱেশদ্বাৰত দি যােৱাৰ লগতে উভতি আহোঁতে উক্ত সামগ্ৰীৰ পেকেটসমূহ লৈ আহি কর্তৃপক্ষ দেখুওৱাৰ নিয়ম বান্ধি দিয়া হৈছে। উদ্যানখনৰ ভিতৰত প্লাষ্টিকৰ সামগ্রী কোনাে পর্যটকে এৰি থৈ আহিলে উদ্যানৰ আইন অনুসৰি জৰিমনা ভৰিব লাগিব বুলিও জনাইছে উদ্যান কর্তৃপক্ষই। উল্লেখ্য যে চলিত বৰ্ষৰ ৩০ জুনত প্রতিকুল বতৰৰ বাবে সাধাৰণ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল উদ্যানখনৰ প্ৰৱেশদ্বাৰ। ইফালে, ২০১৭-১৮ বৰ্ষত ৩৭,২৬৭গৰাকী দেশী পর্যটক আৰু ৪৮০গৰাকী বিদেশী পর্যটক মানাহলৈ আহিছিল। যাৰ পৰা উল্লেখিত বৰ্ষত পর্যটকৰ পৰা উদ্যান কর্তৃপক্ষই লাভ কৰা ৰাজহৰ পৰিমাণ আছিল ৮০,৭১,০৩৫ টকা। বিগত বর্ষবােৰৰ তুলনাত এইবেলি মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বৃদ্ধি পােৱাৰ আশা কৰিছে।