Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:18 pm

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » বছৰি ২০ লাখ টকা পর্যন্ত ব্যৱসায় কৰা ব্যৱসায়ীয়ে দিব নালাগে জি এছ টি

বছৰি ২০ লাখ টকা পর্যন্ত ব্যৱসায় কৰা ব্যৱসায়ীয়ে দিব নালাগে জি এছ টি


 গুৱাহাটী : ক্ষুদ্র ব্যৱসায়ী আৰু উদ্যোগীলৈ আশাৰ বতৰা কঢ়িয়াই আজি বিধানসভাত গৃহীত হ’ল দ্য আছাম গুডছ এণ্ড ছার্ভিচেছ টেক্স (এমেণ্ডমেন্ট) বিল ২০১৮। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বিলখনৰ জৰিয়তে ৰাজ্যৰ ক্ষুদ্র ব্যৱসায়ী আৰু উদ্যোগীসকলক জি এছ টিৰ পৰা মুক্ত কৰা হৈছে। উল্লেখ্য যে পুর্বে অসম তথা উত্তৰ-পূবত বার্ষিক ১০ লাখ টকাপর্যন্ত লেনদেন কৰা ব্যৱসায়ীক জি এছ টিৰ আওতাৰ বাহিৰত ৰখা হৈছিল যদিও এই সংশােধনী বিলৰ জৰিয়তে উচ্চ সীমা বৃদ্ধি কৰি বার্ষিক ২০ লাখ টকাপর্যন্ত লেনদেন কৰা। ব্যৱসায়ীসকলক জি এছ টিৰ আওতাৰ বাহিৰত ৰখা হৈছে। আজি বিধানসভাত সর্বসম্মতভাৱে এই বিধেয়কখন গৃহীত হােৱাৰ পাছত বিত্তমন্ত্রী ড° শৰ্মাই উল্লেখ কৰে যে জি এছ টিৰ আওতাৰ পৰা ক্ষুদ্র ব্যৱসায়ীসকলক সকাহ দিয়াৰ উদ্দেশ্যে এই সংশােধনী অনা হৈছে। তদুপৰি যিসকল ক্ষুদ্র ব্যৱসায়ীয়ে ইতিমধ্যে জি এছ টিত নিজৰ নাম পঞ্জীয়ন কৰিছে, তেওঁলােকে ইচ্ছা কৰিলে এই নাম প্রত্যাহাৰ কৰিব পাৰিব। সংশােধনী বিলখনৰ জৰিয়তে আজি বার্ষিক ডেৰ কোটি টকাৰ ব্যৱসায় কৰা আৰু ক্ষুদ্র উদ্যোগীসকলক বিশেষ কৰ ৰেহাই দিয়া হৈছে। সংশােধনী বিলখনৰ জৰিয়তে এতিয়াৰে পৰা বার্ষিক ডেৰ কোটি টকাপর্যন্ত লেনদেন কৰা ব্যৱসায়ীয়ে মাত্র ১ শতাংশহে কৰ আদায় দিব লাগিব। পূর্বে এই ব্যৱসায়ীসকলে বিভিন্ন সামগ্ৰীৰ বাবদ ১২ শতাংশ, ১৮ শতাংশ, ২৮ শতাংশকৈ বিভিন্ন কৰ আদায় দিব লাগিছিল। এই সংশােধনীৰ জৰিয়তে এই সমুদায় কৰৰ বাবদ এতিয়া মাত্র ১ শতাংশ জি এছ টি আদায় দিলেই হ’ব। একেদৰে ক্ষুদ্র উদ্যোগী, যাৰ উৎপাদন ব্যয় ডেৰ কোটি টকা, সেই উদ্যোগীসকলে এতিয়াৰে পৰা ২ শতাংশ কৰ আদায় দিলে হ’ব। বিত্তমন্ত্রীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি সংশােধনী বিলখন গৃহীত হােৱাৰ পাছত ক্ষুদ্র উদ্যোগী আৰু ব্যৱসায়ী লাভৱান হােৱাই নহয়, উদ্যোগ-ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ আশাৰ সঞ্চাৰ কৰিব। মন কৰিবলগীয়া যে ৰাজ্যৰ ক্ষুদ্র উদ্যোগীসকলে উৎপাদন কৰা সামগ্ৰীৰ বাবদ পূর্বে বিভিন্ন ধৰণৰ জি এছ টি নির্ধাৰণ কৰা আছিল। ফলত দেশৰ বৃহৎ প্রতিষ্ঠান তথা উদ্যোগীয়ে উৎপাদন কৰা সামগ্ৰীৰ বাবদ যি কৰ আদায় দিছিল, সেই ধৰণৰ কৰ ৰাজ্যৰ ক্ষুদ্র উদ্যোগীয়ে আদায় দিব লাগিছিল। কিন্তু আজি বিধানসভাই গৃহীত কৰা সংশােধনী বিলৰ জৰিয়তে ক্ষুদ্র উদ্যোগীসক বিশেষ সকাহ দিয়া হয়। আনহাতে, আজি বিধানসভাত দ্য আছাম টেক্সেচন (অন স্পেচিফাইড লেণ্ডছ) (এমেণ্ডমেন্ট) বিল ২০১৮ গৃহীত হয়। বিত্তমন্ত্রী ড° শৰ্মাই দাখিল কৰা এই বিলখনৰ জৰিয়তে কেঁচা চাহপাতৰ ওপৰত কৰ প্রত্যাহাৰ কৰা হৈছে। উল্লেখ্য যে ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে নির্বাচনৰ পুর্বে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কৰ প্রত্যাহাৰৰ প্রতিশ্রুতি দিছিল। সেইমর্মে আজি দ্য আছাম টেক্সেচন সংশােধনী বিলৰ জৰিয়তে ৪০ একৰ ভূমিত চাহ খেতি কৰা খেতিয়কসকলক কৰমুক্ত কৰে। বিত্তমন্ত্রীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পূর্বে চাহ খেতিয়কসকলে প্রতি কিলােগ্রামত ২০ পইচাকৈ কৰ আদায় দিছিল। বিগত বৰ্ষত চৰকাৰে ১০ পইচা কৰ প্রত্যাহাৰ কৰাৰ পাছত আজি সম্পূৰ্ণৰূপে কৰমুক্ত কৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক। ইয়াৰ ফলত ক্ষুদ্র চাহ খেতিয়কসব বিশেষভাৱে উপকৃত হ’ব। মন কৰিবলগীয়া যে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ক্ষুদ্র খেতিয়কসকলক কৰৰ ক্ষেত্ৰত সকাহ দিয়া দূৰৈৰ কথা, অতিৰিক্তকৈ কৰ আৰােপ কৰা হৈছিল। বিত্তমন্ত্রীগৰাকীয়ে আজি সদনত দাঙি ধৰা তথ্য মতে, ২০০৮ চনত প্ৰতিকিলাে কেঁচা চাহপাতৰ বিপৰীতে কৰ ২০ পইচাৰ পৰিৱর্তে ৩০ পইচালৈ বৃদ্ধি কৰা হৈছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি