Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:21 am

Home » আঞ্চলিক » অসম বিধানসভাত শাসকীয় বিধায়কক জন্তুৰ লগত তুলনা : উত্তপ্ত বিধানসভাৰ মজিয়া

অসম বিধানসভাত শাসকীয় বিধায়কক জন্তুৰ লগত তুলনা : উত্তপ্ত বিধানসভাৰ মজিয়া


গুৱাহাটী : আপুনি সদনৰ মজিয়াত শাসক-বিৰােধীৰ বিধায়কসকলৰ মাজত বিভিন্ন প্রসংগক লৈ বাক্-বিতণ্ডা দেখিছে। কিন্তু আজি এই সকলােধৰণৰ সীমা চেৰাই অসম বিধানসভাৰ মজিয়াত সৃষ্টি হ’ল এক নজিৰবিহীন ঘটনা। শাসক-বিৰােধী বিধায়কসকলে ইজনে আনজনক আক্রমণ কৰি অভব্য আচৰণ কৰাই নহয়, পৱিত্র সদনৰ মজিয়াত বিধায়কক জন্তুৰ সৈতে তুলনা কৰা হ’ল। আজি বিধানসভাৰ প্ৰশ্নৰ উত্তৰ কালত বিদ্যালয়ত শিক্ষক নিযুক্তিৰ প্ৰসংগক লৈ শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু মৰিয়নি সমষ্টিৰ কংগ্রেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে বাক্-বিতণ্ডাৰ সৃষ্টি হয়। মন্ত্রীগৰাকীয়ে সদনত দিয়া উত্তৰত সন্তুষ্ট নহৈ সৰৱ হৈ পৰা বিধায়ক ৰূপজ্যোতিক উত্তৰসমূহ ভালদৰে কৰিবলৈ নির্দেশ দিয়াক লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। পৰিস্থিতি এনে পর্যায়লৈ গতি কৰে যে কিছুসময়ৰ বাবে শাসক-বিৰােধী বিধয়াকসকলৰ আক্ৰমণ-প্রত্যাক্ৰমণত সদন উত্তাল হৈ পৰে। এনে হুলস্থুলীয়া পৰিৱেশৰ মাজতে অধ্যক্ষ হিতেন্দ্র নাথ গােস্বামীয়ে সদনত প্ৰতিগৰাকীক বিধায়ককে মেঘালয় বিধানসভাৰ আদৰ্শ ল’বলৈ আহ্বান জনায়। উল্লেখ্য যে আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্রশ্নৰ উত্তৰ কালত গুণােৎসৱৰ পিছতাে বিদ্যালয়সমূহত পৰিৱৰ্তন অহা নাই বুলি উল্লেখ কৰে। গ্রামাঞ্চলৰ লগতে চাহ বাগিচাসমূহত গুণােৎসৱৰ নামত একো হােৱা নাই বিগত এবছৰ ধৰি মৰিয়নি সমষ্টিৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শিক্ষক পদ খালী হৈ থকাক লৈ বিধায়কগৰাকী সৰৱ হৈ পৰে। মন্ত্রী সিদ্ধার্থ ভট্টাচার্য ন্যায়ালয়ৰ দোহাই দি খালী পদ পূৰণ হােৱা নাই বুলি উল্লেখ কৰাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উত্তৰত সন্তুষ্ট নহয় বুলি উল্লেখ কৰি কয় যে শিক্ষক নােহােৱাৰ বাবে মৰিয়নি সমষ্টিত ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হৈ আছে। বিধায়কগৰাকীয়ে শিক্ষক নিযুক্তি প্রসংগক লৈ দিয়া উত্তৰ সন্তুষ্ট নহয় বুলি উল্লেখ কৰাত মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আসনৰ পৰা উঠি ৰূপজ্যোতি কুৰ্মীক আক্রমণ কৰি কয় যে সদস্যগৰাকীয়ে চাগে উত্তৰটো পঢ়ি চোৱা নাই। উত্তৰটো ভালদৰে পঢ়িবলৈ আহ্বান জনায়। মন্ত্রীগৰাকীৰ এই মন্তব্যৰ পিছতে বিধায়ক ৰূপজ্যোতিয়ে তাচ্ছিল্য সুৰত কয় যে মন্ত্রীগৰাকীয়ে মােক জ্ঞান দিব বিচাৰিছে আৰু সদনত দিয়া উত্তৰত অসন্তুষ্টি ব্যক্ত কৰি কয় যে মই মৰিয়নি সমষ্টিৰ উত্তৰ বিচাৰিছিলাে, কিন্তু মােক যােৰহাটৰ টীয়কৰ উত্তৰ দিয়া হৈছে এয়া মােৰ প্ৰয়ােজন নাই। আনহাতে, মন্ত্রীগৰাকীক উদ্দেশি ৰূপজ্যোতিয়ে কয় যে শিক্ষাবর্ষ কেতিয়াৰ পৰা আৰম্ভ হয় মই জানিব বিচাৰাে লগে লগে মন্ত্রী আৰু বিধায়কগৰাকীৰ মাজত তুমুল বাক-বিতণ্ডাৰ সৃষ্টি হয়। দুয়ােৰে মাজত বাক্-বিতণ্ডা চলি থকাৰ মাজতে শাসকীয় দলৰ একাংশ বিধায়কে ৰূপজ্যোতিক আক্রমণ কৰি বাক্যবাণেৰে থকাসৰকা কৰে। ৰূপজ্যোতি কুৰ্মীৰ আচৰণক শাসীয় দলৰ বিধায়কসকলে অভব্য বুলি অভিহিত কৰে। লগে লগে বিৰােধী বিধায়ক জাকিৰ হুছেইন শিকদাৰ, এ কে ৰছিদ আলম, নুরুল হুদা, ৱাজেদ আলী চৌধুৰী আদিয়ে আসনৰ পৰা উঠি সৰৱ হৈ পৰে। কিছু সময়ৰ বাবে শাসক-বিৰােধীৰ বিধায়কসকলৰ মাজত বাক্‌-বিতণ্ডাই অধিক ভয়াৱহ হৈ পৰে। প্রশ্নকালীন ঘন্টাত শাসকীয় দলৰ বিধায়কসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টিকৰাৰ সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ মজিয়াত অসংসদীয় শব্দ উচ্চাৰণ কৰে।ৰূপজ্যোতিয়ে আসনৰ পৰা উঠি কুকুৰে ভুকিবই বুলি’ অসংসদীয় শব্দ প্রয়ােগ কৰাৰ পিছতেই অধ্যক্ষ হিতেন্দ্র নাথ গােস্বামীয়ে খঙত অগ্নিশর্মা হৈ সকলােকে ভদ্র ভাষা প্রয়ােগ কৰিবলৈ আহ্বান জনায়। আনহাতে, অধ্যক্ষগৰাকীয়ে বিধানসভাৰ কার্যক্রমণিকাৰ পৰা অসংসদীয় শব্দবােৰ আঁতৰােৱাৰ নির্দেশ দি সকলাে প্রতিনিধিকে মেঘালয়ৰ বিধানসভাৰ আদৰ্শ ল’বলৈ আহ্বান জনায়। যি কি নহওক সদনৰ মজিয়াত আজি শিক্ষক নিযুক্তিৰ প্ৰসংগক লৈ একপ্রকাৰ উত্তাল হৈ পৰে। অৱশেষত অধ্যক্ষ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্রণ হয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি