বছৰি ২০ লাখ টকা পর্যন্ত ব্যৱসায় কৰা ব্যৱসায়ীয়ে দিব নালাগে জি এছ টি
গুৱাহাটী : ক্ষুদ্র ব্যৱসায়ী আৰু উদ্যোগীলৈ আশাৰ বতৰা কঢ়িয়াই আজি বিধানসভাত গৃহীত হ’ল দ্য আছাম গুডছ এণ্ড ছার্ভিচেছ টেক্স (এমেণ্ডমেন্ট) বিল ২০১৮। ৰাজ্য চৰকাৰৰ হৈ বিত্তমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা বিলখনৰ জৰিয়তে ৰাজ্যৰ ক্ষুদ্র ব্যৱসায়ী আৰু উদ্যোগীসকলক জি এছ টিৰ পৰা মুক্ত কৰা হৈছে। উল্লেখ্য যে পুর্বে অসম তথা উত্তৰ-পূবত বার্ষিক ১০ লাখ টকাপর্যন্ত লেনদেন কৰা ব্যৱসায়ীক জি এছ টিৰ আওতাৰ বাহিৰত ৰখা হৈছিল যদিও এই সংশােধনী বিলৰ জৰিয়তে উচ্চ সীমা বৃদ্ধি কৰি বার্ষিক ২০ লাখ টকাপর্যন্ত লেনদেন কৰা। ব্যৱসায়ীসকলক জি এছ টিৰ আওতাৰ বাহিৰত ৰখা হৈছে। আজি বিধানসভাত সর্বসম্মতভাৱে এই বিধেয়কখন গৃহীত হােৱাৰ পাছত বিত্তমন্ত্রী ড° শৰ্মাই উল্লেখ কৰে যে জি এছ টিৰ আওতাৰ পৰা ক্ষুদ্র ব্যৱসায়ীসকলক