Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:32 am

Home » আঞ্চলিক » মহিলা সৱলীকৰণ সন্দৰ্ভত “ছেভ ওমেন এণ্ড চাইল্ড” ৰ বিশেষ সজাগতা সভা

মহিলা সৱলীকৰণ সন্দৰ্ভত “ছেভ ওমেন এণ্ড চাইল্ড” ৰ বিশেষ সজাগতা সভা


বৰপেটা : জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৪৯ সংখ্যক জন্ম জয়ন্তীৰ দিনাই বৰপেটাত মহিলা সৱলীকৰণ সন্দৰ্ভত এক বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয়৷ ভিন্ন শাখাযুক্ত ‘ছেভ’ৰ মিহলা গোট “ছেভ ওমেন এণ্ড চাইল্ড” উদ্যোগত আয়োজিত এই সভাত মহিলা সৱলীকৰণ, মহিলাৰ কৰ্ম সংস্থাপন, বাল্য বিবাহ বন্ধ কৰাৰ লগতে কেইবাটাও লক্ষ্য আগত ৰাখি বৰপেটা চহৰত সভাখন অনুষ্ঠিত কৰে ৷
বৰপেটা চহৰৰ মুছলিমপট্টিস্থিত পূব বৰপেটা ওৱেলফেয়াৰ ছ’চাইটিৰ অস্থায়ী কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি সাংবাদিক পুলেন্দ্ৰ দাসে কয় যে, মহিলাসকলৰ মন সৱলীকৰণ হলেহে প্ৰকৃতাৰ্থত মহিলা সবলীকৰণ সম্ভৱ হব৷ প্ৰতিগৰাকী মহিলাই নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই গলে মহিলা সবলীকৰণ হব পাৰিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত চৰকাৰ, প্ৰশাসন আৰু সমাজৰো যথেষ্ট কৰণীয় থকা বুলি তেওঁ মন্তব্য কৰে৷
মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত “ছেভ ওমেন এণ্ড চাইল্ড” নামৰ সংগঠনটো সফল হব বুলিও সাংবাদিক গৰাকীয়ে আশা প্ৰকাশ কৰে৷ সভাখনত “ছেভ ওমেন এণ্ড চাইল্ড”ৰ সঞ্চালিকা ছানিয়াৰা পাৰবিনে ভাষণ প্ৰসংগত মহিলা সবলীকৰণত কিদৰে সফল হব পাৰি তাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷
বিশিষ্ট সমাজকৰ্মী মাইনুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত পূব বৰপেটা ওৱেলফেয়াৰ চ’ছাইটিৰ সম্পাদক হাছেন আলীয়েও ভাষণ প্ৰদান কৰে৷ “ছেভ ওমেন এণ্ড চাইল্ড”ৰ সম্পাদিকা জেচমিন চুলতানাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কোষাধ্যক্ষ ডলি পাঠক, সাহিত্য বিভাগৰ আনোৱাৰা বেগমৰ লগতে বহু সংখ্যক মহিলা উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি