Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:09 am

Home » দেশ-বিদেশ » উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত অসম সন্তান ৰঞ্জন গগৈৰ

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত অসম সন্তান ৰঞ্জন গগৈৰ

নতুন দিল্লী : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত ল’লে অসম সন্তান ৰঞ্জন গগৈয়ে। দেশৰ ৪৬সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পাঠ কৰোৱালে শপত বাক্য। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। ২০১৯ চনৰ ১৭ নৱেম্বৰ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিব ৰঞ্জন গগৈয়ে। দেশৰ ন্যায়পালিকাৰ শীৰ্ষ পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া ৰঞ্জন গগৈ। 
২০১২ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল গগৈয়ে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ সুযোগ্য সন্তান ৰঞ্জন গগৈয়ে ১৯৭৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল ৰঞ্জন গগৈয়ে। ২০০১ চনত নিযুক্ত হয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে। ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈছিল গগৈ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি