Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:05 am

Home » আঞ্চলিক » অসমত উৰিল দেশৰ ভিতৰতে উচ্চ ৰাষ্ট্ৰীয় পতাকা

অসমত উৰিল দেশৰ ভিতৰতে উচ্চ ৰাষ্ট্ৰীয় পতাকা

গুৱাহাটী : সমগ্র বিশ্বৰ লগতে আজি অসমতাে মহামানৱ মহাত্মা গান্ধীৰ ১৫০ তম্ জয়ন্তী পালনৰ অংশ হিচাপে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে দেশৰ ভিতৰতে আটাইতকৈ ওখ (মহানগৰীৰ গড় উচ্চ ভূমিৰ পৰা) ৰাষ্ট্ৰীয় পতাকা ৰাজ্যখনৰ জনসাধাৰণলৈ উৎসার্গিত কৰে। আজি মহানগৰীৰ গান্ধী মণ্ডপত গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে এই ৰাষ্ট্ৰীয় পতাকা জনসাধাৰণলৈ উৎসর্গা কৰাৰ উপৰি গান্ধীজীৰ ১৫০ তম জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰাে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
উল্লেখ্য যে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্রামৰ বৰ্ণিল ইতিহাসত যিসকল মহান শ্বহীদ তথা বীৰ বীৰাঙ্গনাই ৰাষ্ট্ৰক মহীয়ান কৰিছে সেইসকলৰ পৱিত্ৰ স্মৃতি তথা স্বাধীনতা সংগ্রামৰ গৰিমামণ্ডিত ইতিহাসৰ প্রতি শ্রদ্ধা নিবেদনৰ অর্থে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে গান্ধী মণ্ডপত দেশৰ ভিতৰতে সর্বোচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা স্থাপনৰ এক প্রকল্প ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগক নিদের্শ দিছিল। সেই অনুসাৰে গুৱাহাটী স্মার্ট চিটি লিমিটেডক এই প্রকল্পৰ আৰ্হি প্ৰস্তুত কৰাৰ উপৰি পতাকা স্থাপনৰ প্রকল্প ৰূপায়নৰ কাম-কাজ নিৰীক্ষণ কৰাৰ বাবেও দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। সেই অনুসাৰে গান্ধী মণ্ডপত ৩১৯.৫ ফুট উচ্চতাৰ পতাকা স্থাপনৰ এক আৰ্হি নস্কা ৰাজ্য চৰকাৰক প্ৰদান কৰা হৈছিল আৰু ৰাজ্য চৰকাৰে এই প্রকল্প অনুমােদন জনাইছিল। ইয়াৰ পিছত নিবিদা আহ্বান কৰা হৈছিল আৰু মেচার্চ বাজাজ ইলেকট্রিকেল লিমিটেডক এই কাম অর্পণ কৰা হৈছিল। প্রতিষ্ঠানটোৱে এই বৰ্ষৰ এপ্রিল মাহৰ পৰা এই প্রকল্পৰ কাম আৰম্ভ কৰে। ২.৯২ কোটি টকা প্রকল্প ব্যয়ৰে স্থাপন কৰা এই পতাকাখন এই প্রতিষ্ঠানটোৱে এবছৰৰ বাবে চোৱা-চিতাৰ দায়িত্বত থাকিব। ৩১৯.৫ ফুট উচ্চতাৰ পতাকা দণ্ডৰে উথিত এই পতাকাখন মহাগনগৰীৰ গড় উচ্চ ভূমিৰ পৰা দেশৰ ভিতৰতে সবাতােকৈ উচ্চ জাতীয় পতাকা। কেৱল পতাকা দণ্ডৰ উচ্চতাৰ ফালৰ পৰা ৩৬০ ফুট উচ্চতাৰ আট্টাৰি সীমান্তৰ দণ্ড আৰু ৩৫১ ফুট উচ্চতাৰ পুনেস্থিত পিম্প্রী চিনচুৱাড় ভক্তি শক্তি চকৰ পতাকা দণ্ডৰ পিছতেই ই হ’ল তৃতীয় সর্বোচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাৰ দণ্ড।
অনুষ্ঠানত বক্তব্য ৰাখি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে মহাত্মা গান্ধীৰ সপােনৰ নৱ ভাৰত নিৰ্মাণৰ যাত্ৰাত ৰাজ্য চৰকাৰে বিশিষ্ট বৰঙণি আগবঢ়োৱাৰ বাবে সৱল পদক্ষেপ লৈছে। গান্ধীজীৰ অহিংসা, স্বচ্ছতা, অস্পৃশ্যতা বর্জনৰ দৰে দর্শন সমূহ বর্তমান সময়তাে কেৱল মাত্ৰ ভাৰতৰ বাবেই নহয়, সমগ্র বিশ্বৰ বাবে প্ৰাসংগিক বুলিও মুখ্যমন্ত্ৰীয়ে কয়। গান্ধীজীৰ মানৱতাবাদ নেলচন মাণ্ডেলা, মার্টিন লুথাৰ কিঙৰ দৰে বিশ্বৰ বৰেণ্য ব্যক্তিসকলেও অনুসৰণ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়। গান্ধীজীক এগৰাকী মহান মানৱতাবাদী আৰু জাতীয়তাবাদী নেতা বুলি উল্লেখ কৰি সর্বোচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা ৰাজ্যখনত স্থাপনৰ বাবে অনুপ্ৰেৰণা গান্ধীজীৰ জাতীয়তাবাদ আৰু দেশপ্রেমৰ নীতিৰ দ্বাৰা উদ্বুদ্ধ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গান্ধীজীয়ে আৰােপ কৰা গুৰুত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয় যে গান্ধীজীৰ স্বচ্ছতাৰ আদৰ্শক সাৰৰাগত কৰি ২০১৪ বৰ্ষৰ ২ অক্টোবৰ অর্থাৎ গান্ধী জয়ন্তীৰ দিনাখন প্রধানমন্ত্রী মােডীয়ে ‘স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভ কৰিছিল। গান্ধীজীৰ ১৫০ তম্ জয়ন্তী ২০১৯ বৰ্ষত পালনৰ আগে আগে সমগ্র ভাৰতবৰ্ষক পৰিস্কাৰ-পৰিচ্ছন্ন ৰূপত সজাব পাৰিলে গান্ধীজীৰ প্রতি উপযুক্ত সম্মান প্রদর্শন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। স্বচ্ছ ভাৰত অভিযানখন এতিয়া কেৱল এখন চৰকাৰী কাৰ্যসূচীয়ে হৈ থকা নাই, ই জনসাধাৰণৰ আন্দোলনলৈ ৰূপান্তৰিত হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সমগ্ৰ ভাৰতবৰ্ষৰ চুকে-কোণে এতিয়া জনসাধাৰণে পৰিস্কাৰ-পৰিচ্ছন্ন পৰিৱেশ অক্ষুন্ন ৰখাৰ অৰ্থে এই অভিযানত নামি পৰিছে বুলি তেওঁ কয়। স্বচ্ছতাৰ দিশত ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত দুবছৰত ৰাজ্যখনক মুকলিত মলত্যাগ মুক্ত ৰাজ্য হিচাপে ঘােষণা কৰাৰ বাবে ৰাজ্য চৰকাৰে ২৬ লাখ শৌচালয় নির্মাণ কৰিছে। বাপুজীৰ ১৫০ তম্ জয়ন্তী ৰাজ্যখনৰ ৩৩ খন জিলাতে উজ্জীৱিত ৰূপত পালন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, কৃষি মন্ত্রী অতুল বৰা, সাংসদ বিশ্বজিৎ দৈমাৰীয়েও গান্ধীজীৰ জীৱন আৰু দর্শন সামৰি বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ আগেয়ে মুখ্যমন্ত্রীক ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকলে গান্ধী মণ্ডপত থকা গান্ধীজীৰ প্রতিমূর্তিত মাল্যাৰ্পণ কৰি বাপুজীলৈ শ্রদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰীয়ে গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত হােৱা এক সর্বধর্ম প্রার্থনা সভাতে অংশ গ্রহণ কৰে।
আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, পার্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্রী চুম ৰংহাং, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক স্বতন্ত্র মন্ত্রী নৱ কুমাৰ দলে, সাংসদ কামাখ্যা প্রসাদ তাচা, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গােস্বামী, কেইবাগৰাকী বিধায়কৰ লগতে ৰাজ্য প্রশাসনৰ বহু সংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি