Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:18 am

Home » আঞ্চলিক » বৰপেটাত হাতে হাতে লিগেচি ডাটালৈ ধৰ্ণাত বহিল ‘ডি’ ভোটাৰ : সমস্যা সমাধানৰ দাবী

বৰপেটাত হাতে হাতে লিগেচি ডাটালৈ ধৰ্ণাত বহিল ‘ডি’ ভোটাৰ : সমস্যা সমাধানৰ দাবী


বৰপেটা : হাতে হাতে লিগেচি ডাটালৈ আজি বৰপেটাত ধৰ্ণা কাৰ্যসূচীত বহিল ‘ডি’ ভোটাৰ আৰু ‘ডি’ ভোটাৰৰ সতি সন্ততিয়ে৷ ভাৰতীয় নাগৰিকৰ অধিকাৰ সুৰক্ষা সন্থা চমুকৈ ‘এ পি আই চি আৰ’ নামৰ সংগঠনটোৰ উদ্যোগত বৰপেটাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত দিনৰ ১১ বজাৰ পৰা ৰূপায়ণ কৰা তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত হাতে হাতে লিগেচি ডাটালৈ ‘ডি’ ভোটাৰ তেওঁলোকৰ সতি সন্ততিয়ে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে৷
‘ডি’ ভোটাৰৰ সমস্যা সমাধান কৰা, ‘ডি’ ভোটাৰৰ নামত কৰ্তন কৰা মৌলিক অধিকাৰ ওভোতাই দিয়া, বিদেশী ন্যায়াধিকৰণক ৰাজনৈতিক বিভাগৰ পৰা মুক্ত কৰাৰ লগতে কেইবাটাও সমস্যা সমাধানৰ দাবীত ৰূপায়ণ কৰা এই ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংগঠনটোৰ শীৰ্ষ বিষয়-ববীয়াসকলে ভাষণ প্ৰসংগত ‘ডি’ ভোটাৰৰ নামত ভাৰতৰ প্ৰকৃত নাগৰিক সকলে সন্মুখীন হৈ অহা সমস্যাৰ কথা উল্লেখ কৰে৷
সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই যে প্ৰকৃত ভাৰতীয় নাগৰিক ‘ডি’ ভোটাৰ হৈছে সেয়া ইতিমধ্যে প্ৰমাণ হোৱা বুলি উল্লেখ কৰি ‘ডি’ ভোটাৰৰ নামত কৰ্তন কৰা মৌলিক অধিকাৰ ওভোতাই দিয়াৰ দাবী জনায়৷ দৰিদ্ৰ ‘ডি’ ভোটাৰক আইনী সাহাৰ্য প্ৰদান কৰাৰ লগতে বিদেশী ন্যায়াধিকৰণক ৰাজনৈতিক বিভাগৰ পৰা মুক্ত কৰাৰো দাবী উত্থাপন কৰে৷
ধৰ্ণা কাৰ্যসূচীত নতুন দিল্লীৰ পৰা অহা বিশিষ্ট ব্যক্তি ক্ৰমে হৰ্ষ মাণ্ডেল, জন দয়াল, নাতাশা বাধৱাল, আমান বেৰাবাৰীৰ লগতে চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ, জ্যেষ্ঠ সাংবাদিক জমশেৰ আলী, প্ৰাক্তন সেনা বিষয়া আজমল হক, ‘এ পি আই চি আৰ’ নামৰ সংগঠনটোৰ সভাপতি সম্পাদক ক্ৰমে আব্দুল্লাহ আহমেদ আৰু সাজাহান আলী আহমেদৰ উপৰি অন্যান্য বিষয়ববীয়া সকলেও উপস্থিত থাকে৷
ধৰ্ণা কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ দহ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ‘এ পি আই চি আৰ’ নামৰ সংগঠনটোৱে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি