Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:20 am

Home » আঞ্চলিক » ডি এল এড পৰীক্ষাৰ প্ৰশ্নকাকতত অসমীয়া ভাষাৰ শ্ৰাদ্ধ

ডি এল এড পৰীক্ষাৰ প্ৰশ্নকাকতত অসমীয়া ভাষাৰ শ্ৰাদ্ধ

গুৱাহাটী : ডি এল এড পৰীক্ষা পতাৰ নামত ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে অসমীয়া ভাষাক চৰম অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। যিসময়ত ৰাজ্য চৰকাৰে অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক ঘোষণা কৰি পদক্ষেপ গ্ৰহণ কৰিছে, সেইসময়ত শিক্ষকৰ যোগ্যতা নিৰূপন কৰা পৰীক্ষাতেই ৰাজ্যখনত অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিলে ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে। ইয়াক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ জাতীয় দল-সংগঠনসমূহ।
অসমীয়া মাধ্যমৰ প্ৰশ্নকাকতত বাংলা আৰু হিন্দী ভাষাৰ ব্যৱহাৰে এই ল’ৰা ধেমালি কৰাক লৈ সতৰ্ক কৰি দিছে ৰাজ্যৰ দল-সংগঠনসমূহে। উল্লখযোগ্য যে ডি এল এড পৰীক্ষাৰ পাঠ্যক্ৰমৰ পৰীক্ষা অসম চৰকাৰৰ শিক্ষা বিভাগৰ তত্বৱধানত ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে (এনআইঅ’এছ) অনুষ্ঠিত কৰে।
শ্নকাকতসমূহ ইংৰাজী আৰু অসমীয়া মাধ্যমত ছপা কৰা হৈছে যদিও, কাকতসমূহত থকা ভুলৰ বাবে বিবোধিত পৰিব লগা হৈছিল ছাত্ৰ-ছাত্ৰীসকল। এটা বাহিৰৰ প্ৰতিষ্ঠানক এই দায়িত্ব দিয়াৰ বাবেই এনে হোৱা বুলিও অভিযোগ উঠিছে। চলিত সপ্তাহৰ শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈছিল এই পৰীক্ষা। গণিত বিভাগৰ পৰীক্ষাত অসমীয়া ভাষাৰ মাজত আন ভাষাৰ ব্যৱহাৰে প্ৰশ্নকাকতখনত অস্তিত্বহীন কৰা হৈছিল ভাষাটোক।
২৫ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ বিসংগতিৰে শনিবাৰে সমাপ্ত হৈছিল এই পৰীক্ষা। অসমৰ ‘এনআইঅ’ছ’ৰ কৰ্মকৰ্তাসকলৰ কাণ্ডজ্ঞানহীন আৰু অৱহেলাৰ বাবেই প্ৰশ্নকাকতৰ পৃষ্ঠাই পৃষ্ঠাই বৰ্ণাশুদ্ধি আৰু ভুলৰ প্ৰয়োভৰ ঘটিল। প্ৰশ্নকাকতখনত বেছি ভাগ ঠাইতে ব্যৱহাৰ কৰা হ’ল বাংলা ভাষা।
ডি এল এড পৰীক্ষাৰ প্ৰশ্নকাকতত অসমীয়া ভাষাৰ এনে বিকৃত ৰূপ আৰু ভুল শব্দৰ ব্যৱহাৰক লৈ তীব্ৰ বিৰোধ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। সমগ্ৰ বিষয়টো তৎপৰতাৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰীগৰাকীয়ে চালি-জাৰি চাই তদন্তৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি