Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:50 pm

Home » আঞ্চলিক » কোকৰাঝাৰত আৰক্ষী দিৱস উদযাপন

কোকৰাঝাৰত আৰক্ষী দিৱস উদযাপন

উগ্ৰপন্থী আৰু কু- সংস্কাৰৰ ঘটনা যথেষ্ট নিয়ন্ত্ৰিত হৈছে: ৰাজেন সিং

কোকৰাঝাৰ : অসম আৰক্ষীৰ কঠোৰ দমনত এন ডি এফ বি (সং) দলৰ সক্ৰিয়তা যথেষ্ট নিয়ন্ত্ৰিত হৈছে। তাৰোপৰি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে লৈ অহা সজাগতামুলক কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ ফলত কোকৰাঝাৰত যথেষ্ট অন্ধবিশ্বাসৰ বলি হৈ হত্যাকাণ্ড সংঘটিত হোৱা ঘৃণনীয় কাণ্ড যথেষ্ট পৰিমাণে কমি আহিছে আৰু সেয়া আৰক্ষীৰ বাহিৰেও অৰ্ধ সামৰিক বাহিনী, সকলো ৰাইজৰ সহযোগত সম্ভৱ হৈছে। মুঠতে কোকৰাঝাৰ বৰ্তমান শান্তিপূৰ্ণ। এই মন্তব্য কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ।
আজি অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা দৰে কোকৰাঝাৰ জিলা আৰক্ষীও ডিমুলগাওস্থিত পলিচ ৰিজাৰ্ভত অতি শৃংখলাৰে আৰক্ষী দিৱসটি উদযাপন কৰা পৰিলক্ষিত হয়। কাৰ্যসূচী অনুসৰি প্ৰথমতে আৰক্ষীৰ পতাকাখন উত্তোলন কৰে আৰক্ষী অধীক্ষক ৰাজেন সিঙে। পৰৱৰ্তীত আৰক্ষী জৱান সকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিভাদন গ্ৰহণ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে নিজৰ পাৰদৰ্শিতাৰে ভাল কৰা মুঠ ৫৩ জন জোৱানক প্ৰশংসনীয় পত্ৰৰে সম্বৰ্ধনা জনাই ৰাজেন সিঙে।
আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী দিৱসৰ কেক কাটি প্ৰথমতে সাংবাদিকসহ সকলোকে কেক খুৱাই। ৰাজ্যৰ জনসেৱা আৰু সুৰক্ষাৰ স্বাৰ্থত জন্ম লাভ কৰা অসম আৰক্ষী বাহিনীৰ আজি জন্ম দিৱস তথা জন্ম দিৱসত উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি সকলো আৰক্ষী সকলোকে জনসেৱা লগত ৰাজ্য তথা দেন সুৰক্ষা প্ৰদান কৰাৰ প্ৰেৰনামুলক বক্তব্য আগবঢ়াই আৰক্ষী অধীক্ষক ৰাজেন সিঙে। আৰক্ষী দিৱসত অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগু, উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধিকে ধৰি আৰক্ষী বিষয়াসকলেও উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি