Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:27 am

Home » আঞ্চলিক » কয়াকুছিত প্ৰাইজমানি ৰচনা প্ৰতিযোগিতা

কয়াকুছিত প্ৰাইজমানি ৰচনা প্ৰতিযোগিতা

‘স্বচ্ছতা মানুহৰ জীৱন ধাৰণৰ প্ৰণালী হোৱা উচিত’ : থানেশ্বৰ মালাকাৰ

বৰপেটা : ‘স্বচ্ছতা মানুহৰ জীৱন ধাৰণৰ প্ৰণালী হোৱাৰ লগতে স্বভাৱত পৰিণত হ’ব লাগে।’ স্বচ্ছ ভাৰত মিছনৰ গ্ৰামীণ আঁচনিৰ অধীনত স্বচ্ছতাই সেৱা-২০১৮ উপলক্ষে বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থিতাতে লিখা প্ৰাইজমানি ৰচনা প্ৰতিযোগিতা পৰ্যবেক্ষণ কৰাৰ পিছত এক সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত এনেদৰে কয় বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে।
বৰপেটা জিলা খন দেশৰ ভিতৰতে এখন স্বচ্ছ জিলা হিচাপে গঢ়ি তুলিবলৈ সমাজৰ সৰ্বস্তৰৰ ৰাইজক উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়। কয়াকুছি প্ৰেছ গীল্ডৰ সভাপতি মহানন্দ সৰকাৰ দত্তৰ সভাপতিত্বত কয়াকুছি মহাবিদ্যালয়ত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক উপায়ুক্ত গৰাকীয়ে প্ৰমাণ-পত্ৰও প্ৰদান কৰে।
উপায়ুক্ত গৰাকীক কয়াকুছি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে অধ্যাপক হান্নান আলী আহমেদৰ নেতৃত্বত মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বৰপেটা সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বৰপেটা জিলা পানী আৰু অনাময় সমিতিৰ এক নিৰ্দেশ মৰ্মে কয়াকুছি প্ৰেছ গীল্ডৰ উদ্যোগত সোমবাৰে আবেলি ১ বজাৰ পৰা ‘স্বচ্ছ ভাৰত মিছনত যুৱ সমাজৰ ভূমিকা’শীৰ্ষক বিষয়ত অনুষ্ঠিত উক্ত ৰচনা প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বৰপেটা সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাসে।
বৰপেটা জিলা পানী আৰু অনাময় সমিতিৰ পৰামৰ্শ দাতা অৰ্পনা অধিকাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা স্বচ্ছ ভাৰত মিছনৰ গ্ৰামীণৰ সজাগতা কাৰ্য্যসূচীৰ অংশ বিশেষ আজিৰ প্ৰতিযোগিতাৰ উদ্বোধনী সভাত সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে কয়াকুছি প্ৰেছ গীল্ডৰ সমন্বয়ক ছাহেদ আলী আহমেদে।
সভাত পাঠশালা জনস্বাস্থ্য কাৰিকৰী উপ সংমণ্ডলৰ সহকাৰী অভিযন্তা ৰমজান আলী খন্দকাৰ, কনিষ্ঠ অভিযন্তা ক্ৰয় ক্ৰমে ৰমেন তালুকদাৰ, ভৱেশ কলিতা আৰু পংকজ তালুকদাৰ, বৰপেটা জিলা সাংবাদিক সন্থাৰ সভাপতি নজৰুল ইছলাম, অভিনেতা দেলুৱাৰ হুছেইন, কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত হালৈ, অৱসৰপ্ৰাপ্ত শিক্ষক ফয়েজুৰ ৰহমান, চিকিৎসক ডা০ শ্বাহ আলম, বৰপেটা জিলা আমছুৰ উপ সভাপতি তোতা মিঞা প্ৰভৃতি ব্যক্তিসকল উপস্থিত থাকে৷
পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ‘ক’ আৰু ‘খ’ দুটা শাখাত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত সহযোগিতা আগবঢ়ায় শংকৰ-আজান ৰুৰেল ডেভেলপমেণ্ট ছোছাইটিৰ সম্পাদক আব্দুল জলিলে। উল্লেখ্য যে, মঙলবাৰে বৰপেটাৰোডত আয়োজিত গান্ধী জয়ন্তীত দুয়োটা শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগী সকলক মানপত্ৰ সহ নগদ পুৰস্কাৰসমূহ বৰপেটা জিলা পানী আৰু অনাময় সমিতিয়ে ৰাজহুৱা ভাৱে প্ৰদান কৰা হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি