মনমী ভট্টাচাৰ্য্যৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘অহল্যা দ্ৰৌপদী ইত্যাদি’ উন্মোচন
গুৱাহাটী : ‘সঞ্জীৱন প্ৰকাশন’ৰ দ্বাৰা নিবেদিত মনমী ভট্টাচাৰ্য্যৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘অহল্যা দ্ৰৌপদী ইত্যাদি’২৯ ছেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়৷ কাব্য গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট কবি সমীৰ তাঁতীয়ে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য, বিশিষ্ট কবি মনজিৎ সিং, বিশিষ্ট সাংবাদিক-বুদ্ধিজীৱী হাইদৰ হুছেইনেও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে বৰ্তমান নয়দা নিবাসী মনমী ভট্টাচাৰ্য্য শৈশৱৰ পৰাই কবিতাৰ অনুৰাগী। অথচ পৰিপক্ক বয়সতহে কবিতাৰ প্ৰকাশ আৰম্ভ কৰে। অংকিত জীৱন, প্ৰতিফলিত সমাজ, প্ৰতিধ্বনিত নাৰীবাদ ‘জীৱন ঋতু, সময়ৰ সোঁত, সোঁতেৰে উজাই অনুভৱ, ভটিয়াই গৈ নাৰীবাদ’ ইত্যাদি শীৰ্ষক ভালেকেইখন কাব্্যৰ সমাহাৰেই হৈছে ‘অহল্যা দ্ৰৌপদী ইত্যাদি’৷