ডি ভোটাৰৰ সমস্যা সমাধানৰ দাবীত আন্দোলন ঘোষণা : বগুৰিগুৰীত সজাগতা সভা
বৰপেটাৰোড : বৰপেটা জিলাৰ বগুৰিগুৰীৰ নয়ন বজাৰত স্থানীয় যুৱক আৰু শ্বদেশী ডি ভোটাৰ আৰু Association for protection of Indian citizenship rights (APICR) ৰ উদ্যোগত ২৮ ছেপ্টেম্বৰৰ আবেলি ৫ বজাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এপিআইচিআৰৰ সাধাৰণ সম্পাদক সাজাহান আলী আহমেদ¸ উপদেষ্টা জাহিদুল ইছলাম মিৰ্ধাই উক্ত সভাত উপস্থিত থাকি ডি ভোটাৰৰ নামত কেনেদৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকা হৈছে সেই সম্পৰ্কে বিস্তাৰিত আলোচনা কৰে। তিনি শতাধিক ডি ভোটাৰ আৰু সতি-সন্তুতিৰ উপস্থিতিত অনুষ্ঠিত সভাত ডি ভোটাৰসকলক এনআৰচিৰ জৰিয়তে সমাধানসূত্ৰ প্ৰদান কৰা, বিদেশী ন্যাধীকৰণসমূহক উচ্চতম ন্যায়ালয়ৰ তত্বাৱধান বা নিৰিক্ষণত পৰিচালনা কৰি ৰাজনৈতিক হস্তক্ষেপ মুক্ত কৰা¸ ডিটেনশ্বন কেম্পত থকা অবৈধ নাগৰিকক নিজৰ দেশলৈ পঠাই দি ভাৰতীয় লোকক মুকলি কৰি দিয়ালৈকে মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে চোৱা¸ দৰিদ্ৰ