Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:19 am

Home » আঞ্চলিক » ৰাইজৰ ওপৰত বিদ্যুৎ মাচুলৰ অধিক বোজা

ৰাইজৰ ওপৰত বিদ্যুৎ মাচুলৰ অধিক বোজা


গুৱাহাটী : পেট্রল-ডিজেলৰ দাম বৃদ্ধিয়ে সর্বসাধাৰণক ৰামটাঙোন দিয়াৰ সময়তে বিদ্যুৎ শুল্ক বৃদ্ধি কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ৷ বিদ্যুৎ পৰিষদৰ কর্মচাৰীৰ পেঞ্চন ফাণ্ডৰ ঘাটি পূৰণৰ বাবে শুল্ক বৃদ্ধিৰে ৰামটাঙোন মাৰিবলৈ সাজু হৈছে চৰকাৰ৷ বিৰোধী দল কংগ্রেছৰ বিৰোধিতা, সদন ত্যাগক উপেক্ষা কৰি বিদ্যুৎ শুল্ক বৃদ্ধিৰ বাবে আজি বিধানসভাত গৃহীত কৰিলে দি আছাম ইলেকট্রিচিটি ডিউটী (এমেণ্ডমেণ্ট) বিল- ২০১৮৷সংশোধনী বিধেয়কখন গৃহীত হোৱাত বিদ্যুৎ মাচুল প্রায় ৫ শতাংশ বৃদ্ধি হ’ব৷ প্রতি ২০০ ইউনিট বিদ্যুতৰ বিপৰীতে বৃদ্ধি পাব প্রায ৩০৩৫ টকা৷ শক্তি বিভাগৰ কর্মচাৰীৰ পেঞ্চন ফাণ্ডৰ ঘাটি পূৰ কৰাৰ লক্ষ্য লৈ বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সংশোধনী বিধেয়ক উত্থাপন কৰিছিল৷
সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবেউত্থাপন কৰি বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে বিদ্যুৎ পৰিষদৰ কর্মচাৰীক পেঞ্চন দিয়াৰ বাবে চৰকাৰে পূর্বেই সিদ্ধান্ত লৈছিল৷ ট্রাষ্ট গঠন কৰি সেই ট্রাষ্টৰ পৰা পেঞ্চন দিয়াৰ সিদ্ধান্ত আছিল৷ কিন্তু পূর্বৰ চৰকাৰে ট্রাষ্টলৈ নিয়মীয়া অনুদান নিদিয়াত ৪,৫০০ কোটি টকা ঘাটি হৈ আহিছিল৷ এতিয়া সেই ঘাটি একেলগে পূৰ কৰাটো কোনোপধ্যেই সম্ভৱ নোহোৱাৰ কথা উল্লেখ কৰি কয় যে এতিয়া চৰকাৰে পর্যায়ক্রমে ট্রাষ্টলৈ অনুদান দিয়াৰ ব্যৱস্থা কৰিছে৷ যোৱা বছৰ ট্রাষ্টলৈ ৩০০ কোটি টকা আগবঢ়াইছিল৷
এইবাৰ ১০০০ কোটি টকা আগবঢ়োৱা হ’ব৷ ৪৫০০ কোটি টকাৰ ঘাটি পূৰ কৰিবলৈ এনেকৈ অনুদান দিয়াৰ লগতে চৰকাৰে বছৰেকীয়া নিৰিখত আৰু ৫০০ কোটিকৈ টকা দিব লাগিব৷ কিন্তু যদিহে এনেকৈ ধনৰ আবণ্টন দিয়া নহয়, তেন্তে অৱসৰপ্রাপ্ত কর্মচাৰীক পেঞ্চন দিব পৰা নাযাব বুলি উল্লেখ কৰি সংশোধনী বিধেয়কখন গৃহীত কৰাৰ বাবে উত্থাপন কৰাৰ কথা উল্লেখ কৰে৷ কিন্তু সংশোধনী বিধেয়কখনৰ সন্দর্ভত মন্ত্রী ড০ শর্মাই দাঙি ধৰা যুক্তি মানি ল’বলৈ সন্মত নহয় বিৰোধী দল কংগ্রেছ৷ কংগ্রেছৰ বিধায়ক ৰকিবুল হুছেইন, ছেৰমান আলীকে ধৰি কেইবাজনো বিধায়কে সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে৷
সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিধায়ক ৰকিবুল হুছেইনে কয় যে বিদ্যুৎ শুল্কৰ বৃদ্ধিৰ বোজা সর্বসাধাৰণৰ ওপৰত পৰিব৷ ইতিমধ্যে পেট্রল-ডিজেলৰ দাম বৃদ্ধিয়ে নেতিবাচক প্রভাৱ পেলোৱাৰ পাছত এই সময়ত যদি বিদ্যুৎ শুল্ক বৃদ্ধি হয় তেন্তে সর্বসাধাৰণৰ কি অৱস্থা হ’ব বুলি বিধায়ক হুছেইনে প্রশ্ন কৰে৷ বিধায়ক হুছেইনে লগতে কয় যে সংশোধনী বিধেয়ক আনক, কিন্তু এতিয়াই নহয়৷ এতিয়াই সংশোধনী বিধেয়ক গৃহীত হ’লে সর্বসাধাৰণে বোজা বহন কৰিব নোৱৰা অৱস্থা হ’ব৷
সংশোধনী বিধেয়কখন গৃহীত হ’লে প্রতি ২০০ ইউনিট বিদ্যুতৰ বিপৰীতে ৩০৩৫ টকা গ্রাহকে অতিৰিক্তকৈ বহন কৰিব লাগিব বুলি যুক্তি দাঙি ধৰে বিধায়ক ছেৰমান আলীয়ে৷ কিন্তু কংগ্রেছৰ এই বিৰোধিতা গ্রহণ নকৰাত কংগ্রেছৰ বিধায়কসকলে সদন ত্যাগ কৰে৷ পাছত বিৰোধী কংগ্রেছৰ সদস্যৰ অনুপস্থিতিত সংশোধনী বিধেয়ক গৃহীত কৰে৷ বিধেয়কখন গৃহীত হোৱাৰ পাছত সদনৰ বাহিৰতো কংগ্রেছ দলৰ বিধায়কসকলে সংবাদ মাধ্যমৰ সন্মুখত তীব্র প্রতিক্রিয়া ব্যক্ত কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি