বৰপেটা : প্ৰধান মন্ত্রী মক্ৰ বন্দনা যোজনাৰ অন্তৰ্গত ভৱানীপুৰ সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ উদ্যোগত আৰু , কদমগুৰি হেলপিং হেণ্ডচ(NGO) ৰ উদ্যোগত আজি দিনৰ ১১ বজাত পোষন মাহ আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত এখন সজাগতা সভা ৭২২ নং কদমগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়। পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত নৃত্য গীত আৰু নাট পৰিবেশন কৰি সজাগতা সৃষ্টি কৰাৰ উপৰিও সজাগতামূলক শোভাযাত্রাও উলিওৱা হয়। উক্ত সজাগতামূলক শোভাযাত্রাত কদমগুৰি হাইস্কুল , কদমগুৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। সজাগতা সভাত স্বচ্চ ভাৰত মিছনৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰেজ্জাক, তুনু দাস, অপূৰ্ব ওজা আদিয়ে উপস্থিত থাকি বিনামূলীয়া শৌচাগাৰ ব্যৱহাৰ, গৰ্ভৱৰ্তী প্ৰসূতিয়ে পালন কৰিবলগীয়া নীতি নিয়ম, শিশুৰ যতন আদিৰ ওপৰত বহলাই বক্তব্য আগবঢায়। উল্লেখ্য যে উক্ত সভাখনত উপস্থিত ৰাইজৰ দৃষ্টি অাকৰ্ষণ কৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱন্ত প্ৰতিমূৰ্তিটোৱে।