বৰপেটা : আজি বৰপেটা জিলাৰ ভুলুকাবাৰী মিলন জ্যোতি এম ই মাদ্ৰাছাৰ প্ৰেক্ষাগৃহত পবিত্ৰ মহৰম উপলক্ষে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ পৰ্যালোচনা উদ্দেশ্যে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকা সৈতে এক ত্ৰিপাক্ষিক বৈঠক ও আলোচনা-চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা-চক্ৰ খনত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক আলহাজ আব্দুৰ ৰহিম। পৰিচালনা সমিতিৰ সম্পাদক আলহাজ আব্দল বাৰেক।হাফিজ ক্বাৰী মুফতি জাহিদুল ইছলাম,ভুলুকাবাৰী জামে মছজিদৰ ইমাম মৌলানা জহুৰুল ইছলাম, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মনিৰুজ জামান, বিশিষ্ট অভিনেতা দেলুৱাৰ হুছেইন,যুব নেতা ইব্ৰাহিম শিকদাৰ, সমাজ কৰ্মি নাজমুল ইছলাম, শ্বফিকুল ইছলাম,আব্দুছ ছামাদ, শ্বফিকুল ইছলাম শিকদাৰ, মিলন জ্যোতি এম ই মাদ্ৰাছাৰ প্ৰদান শিক্ষক মোকাদ্দেছ আলী আহমেদ, হিন্দী শিক্ষক তথা প্ৰাক্তন ছাত্ৰ নেতা মফিদূল ইছলাম আদিৰ ওপৰিও বহুতো গণ্যমান্য ব্যাক্তি উপস্থিত থাকি তথ্য গধূৰ ভাষণ প্ৰদান কৰে।