Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:20 am

Home » আঞ্চলিক » বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত অসমবাসী : বিৰোদী দলপতি দেবব্ৰত শইকীয়াৰ ক্ষোভ

বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত অসমবাসী : বিৰোদী দলপতি দেবব্ৰত শইকীয়াৰ ক্ষোভ

গুৱাহাটী : অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল যদিও দৰাচলতে ৰাজ্যত সকলো উন্নয়ণমূলক কাম-কাজ প্ৰায় স্থবিৰ হৈ পৰিছে বুলি মন্তব্য কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এৰ ববিৃতিত শইকীয়াই কয়যে— ২৭ ছেপ্তেম্বৰত তেওঁ উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে বিধানসভাত স্বীকাৰ কৰিবলৈ বাধ্য হয় যে, চলিত বিত্তীয় বৰ্ষত ৩১ আগষ্টলৈকে সমগ্ৰ অসমত এটাও নতুন পানী যোগান আঁচনিৰ কাম হাতত লোৱা হোৱা নাই। ইয়াৰোপৰি পূৰ্বতে কাৰ্য্যক্ষম হোৱা আঁচনি চলাবলৈও চলিত বিত্তীয় বৰ্ষত চৰকাৰে এপইচাও মুকলি কৰি দিয়া নাই বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰিছে।
বিবৃতিটোত শইকীয়াই লগতে কয় যে, যদিও নতুন আঁচনি আৰম্ভ নকৰাৰ কাৰণ পূৰ্বৰ পৰা নিৰ্মীয়মান অৱস্থাত থকা আঁচনিসমূহ সম্পূৰ্ণ কৰা বুলি কোৱা হৈছে৷ প্ৰকৃততে বহু সংখ্যক নিৰ্মীয়মান আঁচনি এতিয়াও অসম্পূৰ্ণ হৈয়েই আছে৷ উদাহৰণ স্বৰুপে, যোৱা বছৰ ৯ ফেব্ৰুৱাৰীত বিধানসভাৰ মজিয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীয়ে লিখিত আশ্বাস দিছিল যে নাজিৰা সমষ্টিত NRDWP আঁচনিৰ অধীনত নামদংঙ্গিয়া আৰু গেলেকী মৰাণ পানী যোগান আঁচনিৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ পৰা প্ৰস্তাৱ বিচৰা হৈছে। কিন্তু আজি ডেৰ বছৰৰ পিছতো আঁচনি দুটা সম্পূৰ্ণ কৰাত চৰকাৰ চৰম ভাবে বিফল হৈছে।
শইকীয়াই লগতে উল্লেখ কৰে যে, আন সদস্যসকলৰ প্ৰশ্নৰ উত্তৰত পোহৰলৈ অহা তথ্যৰ ভিতৰত এটা হ’ল যে চলিত বিত্তীয় বৰ্ষত স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত এটাও শৌচাগাৰ অনুমোদিত হোৱা নাই। তাৰোপৰি, অসমত বৰ্তমান থকা ৯৪২০ পাইপৰ পানী যোগান আঁচনিৰ ভিতৰৰ কেৱল ৫৮৩৪ টা আঁচনিহে সক্ষম হৈ আছে। বাকী ২২৮৮ টা অচল হৈ আছে আৰু ১২৯৮ টা আঁচনি নিৰ্মিয়মান অৱস্থাতে আছে।
উদাহৰণস্বৰূপে ডুমডুমা সমষ্টিত ৩১ টা পানী যোগান আঁচনিৰ ভিতৰত মাত্ৰ ১০ টা কাৰ্য্যক্ষম হৈ আছে, ১৬ টা বিকল হৈ আছে আৰু ৫ টা নিৰ্মিয়মান অৱস্থাত আছে। অচল হৈ থকা আঁচনিসমূহ কাৰ্য্যক্ষম কৰাৰ বাবে ২০১৭-১৮ বৰ্ষতে অনুমোদন জনোৱা হৈছিল যদিও সেইটো এই পৰ্যন্ত হৈ নুঠিল।
অসমৰ ৰাইজে চৰকাৰে এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰাৰ দৰে পৰিবৰ্তন বিচৰা নাছিল বুলি বিৰোধী দলপতি গৰাকীয়ে বিবৃতিটোৰ জৰিয়তকে ক্ষোভ প্ৰকাশ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি