নলবাৰী : পশ্চিম নলবাৰীৰ আন আন নদীৰ লগতে কানাইখুন্দা জানৰ পানী হঠাত্ বাঢ়ি বিপদসীমাৰ ওপৰৰে বোৱাৰ উপৰি পুৱতি নিশা জানটোৰ পূব ফালৰ মথাউৰিটোৰ প্ৰায় দুশ ফুট ছিগি অঞ্চলটোৰ এক বিস্তীৰ্ণ এলেকা, খেতিপথাৰ পানীত ডুব যোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। গামাৰিমুৰি, নপাৰা, পুৰ্নি, বৰবৰা, নদলা, বৰপীত, সনোৰা, খাটনিয়াপাৰা আদি অঞ্চলৰ খেতিপথাৰৰ উপৰি কেইবাটাও পৰিয়ালৰ ঘৰ, বাট-পথ আবতৰীয়া বানৰ পানীত ডুব যায়। ইতিমধ্যে নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে ছিগা অংশ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ দুৰৱস্থাৰ বুজ লয়। জানিব পৰা মতে, স্থানীয় চক্ৰ বিষয়া, মণ্ডল, গাঁওবুঢ়া, জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী, বেলশৰ থানাৰ বিষয়া, চামতা আৰক্ষী উপকেন্দ্ৰৰ আৰক্ষী বিষয়া আদি উপস্থিত হৈ অঞ্চলটোৰ ৰাইজৰ দুখ-দুৰ্গতিৰ বুজ লয়।