Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:21 pm

Home » আঞ্চলিক » জাইকা, জি এম ডি এৰ কার্যালয়ত চি বি আইৰ অভিযান

জাইকা, জি এম ডি এৰ কার্যালয়ত চি বি আইৰ অভিযান


গুৱাহাটী : লুই বার্ৰ কেলেংকাৰিৰ তদন্ত তীব্র গতিত আগবঢ়াইছে চি বি আয়ে৷ কেলেংকাৰিটোৰ তদন্তকাৰী সংস্থা চি বি আইৰ এটা বৃহৎ দলে অসমত বাহৰ পাতি আৰম্ভ কৰা অভিযানৰ অংশ হিচাপে আজি জাইকা (জাপান ইণ্টাৰনেশ্যনেল কর্প’ৰেশ্যন এজেঞ্চি) আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ (জি এম ডি এ) কার্যালয়ত দিনজুৰি অভিযান চলায়৷ আনহাতে, অসম চৰকাৰৰ বহুকেইজন শীর্ষ বিষয়া-আমোলাৰ লগতে দালাল আৰু ৰাজনীতিকক দলটোৱে দুই-এদিনতে জেৰা কৰাৰ বাবে তলব কৰা বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে আজি চি বি আইৰ এটা ছজনীয়া দলে পুৱাই গুৱাহাটীত পানী যোগান আঁচনিখন কার্যকৰী কৰি থকা প্রতিষ্ঠান জাইকাৰ খ্রীষ্টানবস্তিৰ শইকীয়া কমার্চিয়েল কমপ্লেক্সস্থিত কার্যালয়ত অভিযান চলায়৷ দলটোৱে কার্যালয়টোত পানী যোগান আঁচনিখনৰ বিভিন্ন ফাইল, নথিপত্র পৰীক্ষা কৰাৰ লগতে দুই-এজন বিষয়াক জেৰা কৰে৷ আনহাতে, প্রায় ১১-৩০ বজাৰ পৰা সন্ধিয়া পর্যন্ত দলটোৱে ভঙাগড়স্থিত গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ কার্যালয়ত অভিযান চলায়৷
চি বি আইৰ তদন্তকাৰী দলটোৱে জি এম ডি এৰ কার্যালয়তো পানী যোগান আঁচনিখনৰ ফাইলৰ পৰা বিভিন্ন নথি-পত্রৰ পৰীক্ষা কৰাৰ লগতে কেইবাজনো বিষয়াক জেৰা কৰে৷ প্রাপ্ত তথ্য অনুসৰি চি বি আইৰ দলটোৱে জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়া ৰূপক মজুমদাৰ আৰু প্রাধিকৰণৰ সচিব পৰাগমণি মহন্তকো জেৰা কৰে৷ দলটোৱে ইতিমধ্যে গুৱাহাটী উন্নয়ন বিভাগৰ প্রাক্তন বিশেষ কর্তব্যৰত বিষয়া পমী বৰুৱাৰ পৰা পানী যোগান আঁচনিখন সন্দর্ভত বহু তথ্য সংগ্রহ কৰা বুলিও জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য অনুসৰি চি বি আয়ে ইতিমধ্যে গুৱাহাটী উন্নয়ন বিভাগৰ প্রাক্তন সচিব তথা সম্প্রতি কেন্দ্রীয় চৰকাৰৰ যুটীয়া সচিব আশিস ভূটানী আৰু কেন্দ্রীয় বিত্ত মন্ত্র্যালয়ৰ যুটীয়া সচিব এছ চেল৲ভা কুমাৰক দিল্লীতে জেৰা কৰিছে৷
আনহাতে, অসমত দলটোৱে জেৰা কৰিবলগীয়া লোকসকলৰ তালিকাত জি এম ডি এৰ প্রাক্তন মুখ্য কার্যবাহী বিষয়া তথা সম্প্রতি অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া, জি এম ডি এৰ প্রাক্তন মুখ্য কার্যবাহী বিষয়া অনুৰাগ সিং, জাইকাৰ পানী যোগান আঁচনিখনৰ প্রকল্প সঞ্চালক অমিত সাহাই, গুৱাহাটী উন্নয়ন বিভাগৰ যুটীয়া সচিব কে জি ভূঞা, গুৱাহাটী উন্নয়ন বিভাগৰ প্রাক্তন বিশেষ কর্তব্যৰত বিষয়া পমী বৰুৱা, উৎকোচ কেলেংকাৰিৰ মধ্যভোগী যোৰহাটৰ ডিকী দত্তকে ধৰি কেইবাজনো দালাল আৰু ৰাজনীতিক থকা বুলিও জানিব পৰা গৈছে৷
প্রণিধানযোগ্য যে কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাৰ পাছতে অসম চৰকাৰে তেতিয়াৰ অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্র দাসৰ জৰিয়তে উচচ পর্যায়ৰ তদন্ত কৰাইছিল৷ তেওঁ ২০১৫ চনতে তদন্তৰ প্রতিবেদন দাখিল কৰিছিল৷ সেই প্রতিবেদনতো এইসকল লোকৰ নাম থকা বুলি জানিব পৰা গৈছে৷ প্রণিধানযোগ্য যে প্রায় চাৰে ১৪শ কোটিটকীয়া পানী যোগান আঁচনিখনৰ প্রায় ৭৮ কোটিটকীয়া ডি পি আৰ প্রস্তুতৰ ঠিকা লাভ কৰিবৰ বাবে মার্কিন সংস্থা লুই বার্ৰে প্রায় ৬ কোটি টকা উৎকোচ দি কেলেংকাৰি সংঘটিত কৰিছিল৷ সেই কেলেংকাৰিৰে তদন্ত কৰিছে চি বি আয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি