Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:37 pm

Home » আঞ্চলিক » কাদং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

কাদং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

মধ্যাহ্ন ভোজনৰ চাউল আৰু টকা আত্মসাৎ, অনিয়মীয়া উপস্থিতি প্ৰধান শিক্ষক ছফিউৰ ৰহমানৰ

মন্দিয়া : বৰপেটা জিলাৰ মন্দিয়া শিক্ষাখণ্ডৰ ২৯৮ নং কাদং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান সিক্ষক ছফিউৰ ৰহমানৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল আৰু টকা আত্মসাৎ কৰাৰ লগতে অনিয়মীয়া উপস্থিতিৰে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদানৰ ক্ষেত্ৰত হেতালি খেলাৰ দৰে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷
উল্লেখ্য যে বিদ্যালয়খনত ৬ জনকৈ শিক্ষক থকা সত্বেও নিয়মিতভাৱে উপস্থিত নাথাকে শিক্ষক। যাৰ বাবে দিনৰ ১১ বজাতো শ্ৰেণীকোঠাৰ পৰিৱৰ্তে বিদ্যালয় চৌহদত খেলি থাকে, শ্ৰেণীকোঠাত শুই থাকে ছাত্ৰ-ছাত্ৰীয়ে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছফিউৰ ৰহমানে প্ৰায়ে অনুপস্থিত থকাৰ উপৰি মধ্যাহ্ন ভোজনৰ চাউল আৰু টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি প্ৰধান শিক্ষক ছফিউৰ ৰহমানৰ এই দুৰ্নীতিত সহযোগ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জালাল উদ্দিনে।মাহেকত মাত্ৰ ৭ ৰ পৰা ১৪ দিন মধাহ্ন ভোজন যোগান ধৰা হয় বুলি স্বীকাৰোক্তি দিয়ে বিদ্যালয়খনৰ ৰান্ধনী মনোৱাৰা খাতুনে। ইয়াৰ উপৰি বিদ্যালয়খনত পূৰ্বৰ বিদ্যালয় পৰিচালনা সমিতিয়ে এৰি থৈ যোৱা ৩৪ কুইণ্টল চাউল আৰু ৬০ হেজাৰ টকাৰ লগতে চিলিঙৰ বাবে কিনি অনা সকলো সা-সামগ্ৰী আত্মসাৎ কৰিছে প্ৰধান শিক্ষক ছফিউৰ ৰহমানে।
ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল সুলভ মূল্যৰ দোকানীক বিক্ৰী কৰে বুলি অভিযোগ ৰাইজৰ। আনকি বিদ্যালয়খনৰ পুৰণা গৃহৰ টিনপাতৰে সভাপতি জালাল উদ্দিনে নিজ গৃহৰ বেৰ বনাইছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।
প্ৰধান শিক্ষকৰ দুৰ্নীতি আৰু অৱহেলাৰ লগতে পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে।এই ক্ষেত্ৰত একাংশ ৰাইজৰ অভিযোগ মতে কমিছনৰ অংকত লিপ্ত বৰপেটা জিলা শিক্ষা বিভাগৰ মেহেৰবানৰ ফলতেই ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলিবলৈও কুণ্ঠাবোধ কৰা নাই এই সকল দূৰ্নীতিগ্ৰস্থ শিক্ষকসকলে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি