লাহৰীঘাট : হোজাইৰ মৰিয়ম আজমল ৱমেন্স কলেজ অৱ চাইন্স এণ্ড টেকনলজিত যোৱা ২২ ছেপ্টেম্বৰৰ দিনা সংঘটিত হৈছিল এক দূৰ্ভাগ্যজনক ঘটনা। ঘটনাৰ বিৱৰণী মৰ্মে, কলেজখনত অধ্যয়নৰত লাহৰীঘাটৰ টেঙাগুৰিৰ মেধাৱী ছাত্ৰী নাছৰিন কাউছাৰৰ বিল্ডিঙৰ পৰা পৰি মৃত্যু হোৱা বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ। ইপিনে, নাছৰিন কাউছাৰৰ পৰিয়াল বৰ্গৰ লগতে লাহৰীবাসীয়ে নাছৰিন কাউছাৰৰ ৰহস্যজনক মৃত্যুক সহজভাৱে লব পৰা নাই । লাহৰীঘাটবাসীৰ মতে, নাছৰিন কাউছাৰক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। কলেজ কৰ্তৃপক্ষই এনে হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। পৰিয়াল বৰ্গৰ দাবী, বিল্ডিঙৰ পৰা জঁপিয়াই পৰিলে দেহৰ বিভিন্ন অংশত আঘাতৰ চিন প্ৰত্যক্ষ হলহেঁতেন পৰিৱৰ্তে নাছৰিন কাউছাৰৰ নিঠৰ দেহত পৰ্যাপ্ত চিন দৃষ্টিগোচৰ হোৱা নাই । এই লৈ আমছু,মিঞা পৰিষদ, মুছলিম ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে নাছৰিন কাউছাৰৰ পৰিয়াল সমবেদনা জ্ঞাপন কৰাৰ লগতে নাৰী হত্যা বন্ধ কৰক, শিক্ষাৰ্থীক সুৰক্ষা দিয়ক, নাছৰিন কাউছাৰৰ ৰহস্যজনক মৃত্যৰ চিবিআই তদন্তৰ ব্যৱস্থা কৰক ইত্যাদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। নাছৰিন কাউছাৰৰ পৰিয়াল বৰ্গই এই ৰহস্যজনক কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে শিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে।