কোকৰাঝাৰ : চলিত মাহৰ ২০ তাৰিখৰ পৰাই আৰম্ভ হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত অনিৰ্দিষ্টকালীন ধৰ্মঘত আজি সপ্তম দিনাও অব্যাহত আছে। ছয় দিনত কোকৰাঝাৰ জিলাৰ উপাযুক্ত নিৰঞ্জন বৰুৱাই অহা ২৮ চেপ্টেম্বৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত বৰুৱাই প্ৰকৃততে বিশ্ববিদ্যালয়ৰ উন্নয়নমূলক কাম কৰিছে নে নাই তাকে তদন্ত কৰি চাবলৈ চৰকাৰৰ পালৰ পৰা তদন্ত দল আহিব বুলি প্ৰতিবাদস্থলীত উপস্থিত হৈ ঘোষণা কৰি গৈছিল যদিও প্ৰতিবাদকাৰীসকল সন্তুষ্ট হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজিও অব্যাহত ৰাখিছে প্ৰতিবাদ। প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় বি এছ ইওৰ সভাপতি ছৌগোমছাৰ বসুমতাৰীয়ে কয় যে পাঁচ বছৰলৈকে উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰি পৰিচালনা কৰাতেই বিশ্ববিদ্যালয়ৰ কোনো উন্নয়নমূলক কাম কৰিব নোৱৰা উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাৰ কাৰ্যকাল ১৭ চেপ্টেম্বৰে শেষ হোৱাৰ পাছতো হেমন্ত বৰুৱাকেই পুনৰ উপাচাৰ্য দায়িত্ব দিয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আছে। সেয়া বড়োলেণ্ড বিশ্ববিদ্যালয়ক ধ্বংস কৰাৰ বাহিৰে আন একো নহয়। অসমত বি পি এফ , বি জে পি ,এ জি পিৰ মিত্ৰজোট চৰকাৰ চলি থকাৰ স্বত্বেও এনেধৰণৰ সমস্যাৰ সমাধান কৰাৰ কোনো ব্যৱস্থা নোলোৱাটো দুৰ্ভাগ্যজনক। সেয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত বৰুৱাক আতৰাই নতুনকৈ স্থায়ী উপাচাৰ্য নিযুক্তি দিয়াৰ কোনো চৰকাৰৰ ফালৰ পৰা খবৰ নোপোৱালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি জনায়। আনহাতে আজি প্ৰতিবাদত এবি এম ছুৰ পালৰ পৰিও পুৰ্ন সমৰ্থন জনাই অযোগ্য উপাচাৰ্য হেমন্ত বৰুৱাক আতৰাই নতুনকৈ স্থায়ী উপাচাৰ্য নিযুক্তি দিবলৈ অসম তথা ৰাজ্যপালক আহ্বান জনায় । অন্যথা অনাগত দিনত কঠোৰ আন্দোলনত সহযোগ কৰিবলৈ এবি এমছূয়ে সাজু বুলি প্ৰকাশ কৰে। এইফালে বি টি এ ডিৰ বাহিৰৰ এগৰাকী ছাত্ৰীয়ে দুখ প্ৰকাশ কৰি কয় যে বহু দূৰৰ পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত নিজৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শিক্ষা লাভ কৰিবলৈ আহিছে কিন্তু বিতৰ্কিত উপাচাৰ্য হেমন্ত বৰুৱাৰ বাবে এসপ্তাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰা ফলত বিশ্ববিদ্যালয়ত কোনো শিক্ষা পোৱাৰ পৰা বঞ্চিত হৈছে। সম্পূৰ্নকৈ বিশ্ববিদ্যালয়ে বন্ধ হৈ যোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ ফৌজদাৰী পৰীক্ষা আদিকে ধৰি বিভিন্ন শিক্ষামূলক দিশত থমকি ৰব লগীয়া হৈছে। সেয়ে মহামান্য ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল শিক্ষাৰ্থী সকলৰ উজ্জ্বল ভৱিষ্যতটো ধ্বংস কৰি তথা অন্ধকাৰৰ পালে ঠেলি নিদি অতি শীঘ্ৰে সমস্যা সমাধান কৰি দিয়ক বুলি আহ্বান কৰে শিক্ষাৰ্থী সকলে।