Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:45 am

Home » আঞ্চলিক » হাউলীত পথ অৱৰোধ

হাউলীত পথ অৱৰোধ


বৰপেটা : পৰিবৰ্তনৰ নামত দিছপু্ৰৰ গাদী দখল কৰা চৰকাৰৰ দিনতো পৰিবৰ্তন নহ’ল ৰাজ্যৰ বাট পথৰ দুৰৱস্থা । প্ৰভাৱশালী মন্ত্রী তথা দক্ষ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা গড়কাপ্তানী বিভাগৰ দায়িত্বত থকা স্বত্বেও উন্নয়ন নহ’ল বৰপেটা জিলাৰ বাট পথ সমুহৰ যাৰ বাবে প্ৰতিবাদত নামিব লগা হল সাধাৰণ জনতা ।
বৰপেটা সদৰ সমষ্টিত মিত্রযোঁটৰ চৰকাৰৰ বিধায়ক থকা স্বত্বেও যাতায়তৰ নামত
যমৰ যাতনাত ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজ। হাউলী চাৰিআলি পৰা জয়পুৰ বজাৰলৈ জৰাজীৰ্ন পথছোৱা মেৰামতিৰ দাবীৰ প্ৰতিবাদত আমছুৰ হাউলী আঞ্চলিক সমিতি আৰু হাউলী সৰু মটৰ শ্ৰমিক ইউনিয়নৰ যৌথ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা হাউলী আৰক্ষী থানাৰ ওচৰত দুঘন্টীয়া হাউলী-জয়পুৰ গড়কাপ্তানী পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে গড়কাপ্তানী মন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, গড়কাপ্তানী মন্ত্ৰী পদত্যাগ কৰক, হাউলীৰ বিদ্যুৎ যোগান নিয়মীয়া কৰক, হাউলী নগৰ সমিতি মুৰ্দাবাদ আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰাৰ লগতে পথৰ ওপৰত জাল পাতি, কঠিয়া ৰুই অভিনৱ প্ৰতিবাদেৰে প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত কাৰ্যসূচীত আমছুৰ উপ সভাপতি দ্বয় নাজিৰ হুছেইন, মহিবুৰ ৰহমান,আমছুৰ জিলা সভাপতি নজৰুল ইছলাম, সহ প্ৰায় সহস্ৰাধিক স্থানীয় ৰাইজ, সচেতন নাগৰিক তথা বিভিন্ন দল-সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকে।অৱৰোধ স্থলীত জিলা দণ্ডাদীশ মিনা ভা উপস্থিত হৈ আন্দোলনকাৰী সকলৰ পৰা তিনি দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ গ্ৰহন কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি