লিডু : পৰিবৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদীত আৰোহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকাল দুবছৰো অধিক হল যদিও আজিওঁ পৰিবৰ্তন নহল বাট পথৰ । মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাষ্কৰ শৰ্মাৰ সমষ্টিত জৰাৰ্জীৰ্ণ বাট পথ নিৰ্মানৰ দাবীত আজি যুৱ ছাত্ৰ পৰিষদে স্থানীয় ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয় ।অসম চৰকাৰ হায় হায় স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ শ্লগানেৰে মুখৰিত হল আজি মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ কাৰ্যালয় । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পালিত হয় এই প্ৰতিবাদী কাৰ্যসূচী । মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাষ্কৰ শৰ্মাৰ সমষ্টিত বিভিন্ন পন্ঞ্চায়তৰ লগতে বিশেষকৈ ইনথেম গাওঁ পন্ঞ্চায়তৰ জৰাৰ্জীণ বাট পথ সমূহ নিৰ্মাণৰ দাবীত আজি এই ধৰ্ণা কাৰ্যসূচী গ্ৰহন কৰা বুলি সংগঠনটোৱে জানিবলৈ দিয়ে । উল্লেখ্য যে বিগত সুদীৰ্ঘ দিন ধৰি স্থানীয় বিধায়ক গৰাকীক এই ক্ষেত্ৰত সংগঠনটোৱে কেইবাবাৰো আৱেদন দাখিল কৰি আহিছিল যদিও আজিকুপতি বিধায়ক গৰাকীয়ে কিন্তূ কোনো ব্যৱস্থা গ্ৰহন কৰাৰ পৰিলক্ষিত নহল যাৰ পৰিপেক্ষিতত আজি তীব্ৰ ভাৱে ক্ষোভিত হৈ পৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি ৷ সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই শীঘ্ৰেই মাৰ্ঘেৰিটাৰ জৰাৰ্জীণ বাট পথ সমূহ ৰাইজৰ বাবে সুচল কৰি তুলিবৰ বাবে স্থানীয় বিধায়ক গৰাকীক আহবান জনাইছে অন্যথা সংগঠনটোৱে হাত সাৱতি বহি নাথাকে বুলিওঁ হুংকাৰ প্ৰদান কৰে ৷