Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:38 pm

Home » আঞ্চলিক » বিধানসভাৰ চৌহদত প্লেকার্ড প্রদর্শন

বিধানসভাৰ চৌহদত প্লেকার্ড প্রদর্শন


গুৱাহাটী : গণতন্ত্রৰ তিনিটা স্তম্ভ ন্যায়পালিকা, কার্য-পালিকা আৰু বিধান পালিকাৰ মাজত সংঘাত স্পষ্ট হৈছে৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) গোচৰৰ শুনানিত উচচতম ন্যায়ালয়ে দিয়া নির্দেশনাৰ পাছত আইন প্রণয়ন কৰা বিধান পালিকাৰ সদস্যই মুকলিকৈ ন্যায়পালিকাৰ বিৰুদ্ধে সৰৱ হৈছে৷
উল্লেখযোগ্য যে উচচতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে এন আৰ চি সম্পর্কীয় কোনো তথ্য ৰাজ্য, কেন্দ্রীয় চৰকাৰ বা কোনো ন্যায়িক কর্তৃপক্ষক নিদিবলৈ ৰাজ্যিক সমন্বয়কক নির্দেশ দিছিল৷ উচচতম ন্যায়ালয়ৰ নির্দেশনাৰ বিৰুদ্ধে ৰাজ্য বা কেন্দ্রীয় চৰকাৰে মুখ খোলা নাই৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দলৰ বিধায়কসকলক এন আৰ চি সম্পর্কীয় কোনো বিষয়ত মন্তব্য কৰাত বাধা আৰোপ কৰিছিল যদিও গুৰু-গোসাঁই নমনা বিজেপিৰ বিধায়ক শিলাদিত্য দেবক মুখ্যমন্ত্রীৰ নির্দেশে নহয় উচচতম ন্যায়ালয়েও মুখ বন্ধ কৰিব নোৱাৰিলে৷
বিধানসভাৰ সচিবালয় চৌহদত বিধান পালিকাৰ সদস্যজনে আজি ন্যায়পালিকাৰ নির্দেশৰ বিৰুদ্ধে সৰৱ হৈ পৰিল৷ উল্লেখযোগ্য যে উচচতম ন্যায়ালয়ে ৰাজ্যিক সমন্বয়কক দিয়া নির্দেশৰ পাছত এন আৰ চি উন্নীতকৰণ সম্পর্কীয় কোনো তথ্য নাই ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ ওচৰত৷ চৰকাৰ বা বিধান পালিকাৰ হাতত এন আৰ চি সম্পর্কীয় কোনো তথ্য নথকাত আজি ক্ষোভ প্রকাশ কৰিলে বিধায়ক শিলাদিত্য দেবে৷
ন্যায়ালয় তথা ন্যায়পালিকাৰ বিৰুদ্ধে উদ্ভট আচৰণ কৰি বিধায়কজনে বিধানসভাত থকা বিশেষাধিকাৰৰ কথাও উনুকিয়ালে৷ বিধানসভাৰ চৌহদত ‘My Lorod not discrininate your own children.’ বুলি লিখা প্লে’ কার্ড প্রদর্শন কৰে৷ নিজৰ সন্তানৰ প্রতি ভগৱানক উদ্দেশ্যি বৈষম্য নকৰিবলৈ প্লে’ কার্ড প্রদর্শন কৰা বিধায়কজনে বিধান পালিকাৰ অংশীদাৰ হিচাপে তেওঁৰ দায়িত্ব পালন কৰাত বাধা দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত কয়৷
বিধায়ক শিলাদিত্য দেবে কয় যে ৰাজ্যিক সমন্বয়কৰ পৰা তথ্য লাভ কৰাৰ বিশেষ অধিকাৰ তেওঁৰ আছে৷ ন্যায়পালিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ সাহস কৰা বিধায়কজনে তথ্য দিবলৈ বাধা দিয়া কার্যৰ বাবে এন আৰ চিৰ স্বচছতাত সন্দেহ প্রকাশ কৰিছে৷ যদি এজন বিধায়কে তথ্য লাভ নকৰে তেন্তে ৰাইজৰ প্রশ্নৰ উত্তৰ কেনেকৈ দিব বুলি উল্লেখ কৰি কয় যে কেন্দ্র আৰু ৰাজ্য চৰকাৰকো তথ্য দিয়াৰ পৰা আঁতৰাই ৰখা হৈছে৷ এন আৰ চিত নাম ভুলকৈ আৰু বেছিকৈ সোমাইছে বাবে তথ্য দিবলৈ মানা কৰা হৈছে৷
জিলা আৰু সমষ্টিত কিমান মানুহৰ নাম এন আৰ চিত সোমাল সেই কথা কোনোৱে জানিব পৰা নাই৷ ১৯৫১ চনৰ এন আৰ চিকো মান্যতা দিয়া নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এন আৰ চিৰ পৰা নাম বাদ পৰাসকলৰ বিষয়ে আলোচনা হৈছে, কিন্তু নাম সোমোৱা বিদেশীৰ কথা জানিব পৰা নাই৷ ২০১৮ চনত যিখন এন আৰ চি প্রস্তুত হ’ব সেইখন এন আৰ চিৰ বিষয়ে ২ বছৰৰ পাছত সন্দেহ সৃষ্টি হ’ব৷
বিধায়কজনে আৰু কয় যে এন আৰ চিত নাম সোমোৱা ১০ শতাংশৰ পুনৰীক্ষণ আগতে হ’ব লাগিছিল৷ পুনৰীক্ষণৰ পাছতহে ওজৰ-আপত্তি দাখিল হ’ব লাগিছিল৷ কিন্তু আগতে ওজৰ-আপত্তিহে গ্রহণ কৰা হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি