Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:42 am

Home » আঞ্চলিক » বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিতৰ্কৰ পৰা নাই শাম

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিতৰ্কৰ পৰা নাই শাম


কোকৰাঝাৰ : বি টি চিৰ একমাত্ৰ উচ্চতম শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিতৰ্কৰ প্ৰসংগ আজিও অব্যাহত। পাঁচ বছৰ ধৰি উপাচাৰ্য দায়িত্ব গ্ৰহণ কৰি পৰিচালনা কৰিও বিশ্ববিদ্যালয়ৰ কোনো এটা উন্নয়নমূলক কাম কৰিব নোৱৰা আৰু চলিত মাহৰ ১৭ তাৰিখে কাৰ্যকাল অন্ত পৰাৰ পিচতো ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা পিছদিনা অৰ্থাৎ ১৮ তাৰিখে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰাৰ নিৰ্দেশনা পত্ৰ লাভ কৰা ড: হেমন্ত কুমাৰ বৰুৱাক অতি শীঘ্ৰে পদত্যাগ কৰাৰ দাবী লগতে নতুনকৈ বিশ্ববিদ্যালয়ত স্থায়ী ভাৱে উপাচাৰ্য নিযুক্তি দিয়াৰ দাবীৰে যোৱা ২০ চেপ্টেম্বৰ পৰাই আজিলৈ যষ্ঠ দিনাও অব্যাহত ৰাখিছে কোকৰাঝাৰ জিলা বড়োলেণ্ড ছাত্ৰ সন্থাই। আজি যষ্ঠ দিনা প্ৰতিবাদত মুকলিকৈ সমৰ্থন কৰি ওলাই আহিল বড়োলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা আৰু কোকৰাঝাৰ জিলা আমছুও । বড়োলেণ্ড বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক আখি বড়ো লগতে জিলা আমছুৰ সভাপতি আনোৱাৰ হুছেইনে সংবাদ মাধ্যমৰ যোগেদি একমাত্ৰ উচ্চতম শিক্ষানুষ্ঠানটিৰ সমস্যাৰ সমাধান বিচাৰি যষ্ঠ দিনলৈকে প্ৰতিবাদ সাব্যস্ত কৰাৰ স্বত্বেও অসম চৰকাৰ আৰু ৰাজ্যপালে একো গুৰুত্ব নিদিয়াটো দুৰ্ভাগ্যজনক বুলি কৈ অতিশীঘ্ৰে সমস্যা সমাধানৰ বাবে ব্যৱস্থা নললে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ ভবিষ্যত কি হব সেয়াক চিন্তা কৰা উচিত বুলি কয় ।
আনহাতে নিখিল বড়ো ছাত্ৰ সন্থা(এবছু) আৰু ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান ইও পি পি এল বি টি চিৰ ৰাজনৈতিক দলৰ সভাপতি উৰ্খাওগৌৰা ব্ৰহ্মও কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ দায়িত্ব থকা অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যষ্ঠ দিনলৈকে প্ৰতিবাদ অব্যাহত ৰখা স্বত্বেও কিয় নিমাত বুলি প্ৰস্ন কৰে আৰু প্ৰসংগটো গুৰুত্ব সহকাৰে লবলৈ চৰকাৰক আহ্বান জনায়। প্ৰাক্তন সাংসদ গৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰতিবাদত বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকলৰ বাহিৰে অন্য মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ প্ৰতিবাদ কৰাটো শুভ লক্ষণ নহয় বুলি কয়। এইফালে যষ্ঠ দিনাও বডোলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰবেশদ্বাৰত কাকো প্ৰবেশ কৰিব নিদিয়াকৈ বহু ছাত্ৰ- ছাত্ৰী তথা ৰাইজক লৈ প্লেকাৰ্ড, বেনাৰ, পেষ্ঠুন লৈ হেমন্ত বৰুৱাক আমাক নেলাগে, আমাৰ দাবী নায্যয দাবী, আমাক লাগে নতুন উপাচাৰ্য, হেমন্ত বৰুৱা গো বেগ আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে। প্ৰতিকূল বতৰ নেওচি হলেও হেজাৰ হেজাৰ সমৰ্থক সকলৰ উপস্থিতিত অব্যাহত ৰাখিছে অনিৰ্দিষ্টকালীন ধৰ্মঘত। কিন্তু আজি অসম চৰকাৰৰ চৰকাৰী বিষয়া তথা কোকৰাঝাৰৰ জিলা উপাযুক্ত নিৰঞ্জন বৰুৱাই প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদৰ খবৰ লয় আৰু প্ৰতিবাদকাৰী সকলে অভিযোগ কৰা মতে পাঁচ বছৰত কোনো উন্নয়নমূলক কাম প্ৰকৃততে কৰিছে নে নাই সেয়া তদন্ত কৰিবলৈ তদন্ত দল বহুৱাই দিয়াৰ ঘোষণা কৰি তদন্ত দলে ২৮ চেপ্টেম্বৰে বিশ্ববিদ্যালয়ত আহিব বুলিও ঘোষণা কৰি যায়। 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি