Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:35 pm

Home » আঞ্চলিক » উজনিতো হিজবুল মুজাহিদীনৰ ঘাটি

উজনিতো হিজবুল মুজাহিদীনৰ ঘাটি


তিনিচুকীয়া : জেহাদী সংগঠনৰ সদস্যৰ নিৰাপদ বিচৰণস্থলী ৰূপে পৰিগণিত হৈছে উজনি অসমৰ তিনিচুকীয়া জিলাৰ মার্ঘেৰিটা মহকুমা৷ দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ ক্ষেত্রত ভাবুকি-স্বৰূপ জেহাদী সংগঠনৰ দ্রুত উত্থান দেশ-ৰাজ্যৰ লগতে মহকুমাটোৰ বাবেও এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে৷ বিশেষকৈ মুছলিম লোকৰ বসতি প্রধান অঞ্চলসমূহত জেহাদী সংগঠনৰ দৃ়ঢ় স্থিতি থকাৰ কথা গণ্য কৰা হয় যদিও শেহতীয়াকৈ অমুছলমান বসতি প্রধান অঞ্চলসমূহতো হিজবুল মুজাহিদীনৰ দৰে জেহাদী সংগঠনে খোপনি পোতা কার্যই আৰক্ষী মহলতো জোঁকাৰণি তুলিছে৷ এনে সময়তে মার্ঘেৰিটা মহকুমাৰ টিপঙত বাঁহ পাতেৰে নির্মিত সাধাৰণ গৃহ এটাই সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈ উঠিছে৷ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তর্গত টিপং অঞ্চলত অৱস্থিত এই ঘৰটোৰ পৰাই দীর্ঘদিন ধৰি পৰিচালিত হৈ আছিল নিষিদ্ধ ঘোষিত হিজবুল মুজাহিদীনৰ বিভিন্ন বে-আইনী কার্যকলাপ৷ এই গৃহটোতে দীর্ঘদিন ধৰি আত্মগোপন কৰি আছিল বর্তমান অসম আৰক্ষীৰ হাতত আটক হোৱা হিজবুল মুজাহিদীনৰ অন্যতম সদস্য ওমৰ ফাৰুকে৷
উল্লেখযোগ্য যে টিপং অঞ্চলত বসবাস কৰি অহা আমানত আলী নামৰ ব্যক্তি এজনৰ জোঁৱায়েক ওমৰ ফাৰুকে শহুৰেকৰ এই ঘৰটো নিৰাপদ আশ্রয় স্থল ৰূপে ব্যৱহাৰ কৰি বিগত কেইবছৰমানৰ পৰা হিজবুল মুজাহিদীন নামৰ নিষিদ্ধ ঘোষিত সংগঠনটোৰ বাবে সাংগঠনিক কাম-কাজ চলাই গৈছিল৷ শেহতীয়াকৈ পোহৰলৈ অহা এই বিষয়টোৱে এতিয়া স্থানীয় ৰাইজক যথেষ্ট উদ্বিগ্ন কৰি তোলাৰ লগতে শংকিত কৰি তুলিছে৷
তদুপৰি গৃহটোৰ প্রতিৱেশীসকলৰ ভাষ্য অনুসৰি, ওমৰ ফাৰুকে শহুৰেকৰ ঘৰত থকাৰ সময়ছোৱাত গোটেই দিনটো শুই থাকি নিশা অজ্ঞাত লোকৰ সৈতে ফ’নত বার্লাপত ব্যস্ত থাকে৷ যাৰ বাবে চুবুৰীয়াসকলে ওমৰৰ এনে সন্দেহজনক কর্ম-কাণ্ডত অতিষ্ঠ হৈ শহুৰেকৰ পৰিয়ালক বহুবাৰ সতর্ক কৰি দিছিল৷ আনফালে ওমৰ ফাৰুকৰ শহুৰেক তথা ঘৰটোৰ গৰাকী আমানত আলীক অবৈধ বিদেশী বুলি চিনাক্ত কৰাত আৰক্ষীৰ চকুত ধূলি দি আমানতে পৰিয়ালসহ সম্প্রতি আত্মগোপন কৰি থকা বুলি জনা গৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি