বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিতৰ্কৰ পৰা নাই শাম
কোকৰাঝাৰ : বি টি চিৰ একমাত্ৰ উচ্চতম শিক্ষানুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিতৰ্কৰ প্ৰসংগ আজিও অব্যাহত। পাঁচ বছৰ ধৰি উপাচাৰ্য দায়িত্ব গ্ৰহণ কৰি পৰিচালনা কৰিও বিশ্ববিদ্যালয়ৰ কোনো এটা উন্নয়নমূলক কাম কৰিব নোৱৰা আৰু চলিত মাহৰ ১৭ তাৰিখে কাৰ্যকাল অন্ত পৰাৰ পিচতো ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা পিছদিনা অৰ্থাৎ ১৮ তাৰিখে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰাৰ নিৰ্দেশনা পত্ৰ লাভ কৰা ড: হেমন্ত কুমাৰ বৰুৱাক অতি শীঘ্ৰে পদত্যাগ কৰাৰ দাবী লগতে নতুনকৈ বিশ্ববিদ্যালয়ত স্থায়ী ভাৱে উপাচাৰ্য নিযুক্তি দিয়াৰ দাবীৰে যোৱা ২০ চেপ্টেম্বৰ পৰাই আজিলৈ যষ্ঠ দিনাও অব্যাহত ৰাখিছে কোকৰাঝাৰ জিলা বড়োলেণ্ড ছাত্ৰ সন্থাই। আজি যষ্ঠ দিনা প্ৰতিবাদত মুকলিকৈ সমৰ্থন কৰি ওলাই আহিল বড়োলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা আৰু কোকৰাঝাৰ জিলা আমছুও । বড়োলেণ্ড বিশ্ববিদ্যালয়