Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:37 am

Home » আঞ্চলিক » মৰিগাঁৱত কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ শপত গ্ৰহণ অনুষ্ঠান

মৰিগাঁৱত কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ শপত গ্ৰহণ অনুষ্ঠান

মৰিগাঁও : সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ মৰিগাঁও সদৰ সমিতি খনৰ নৱ নিৰ্বাচিত বিষয়ববীয়া আৰু সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানটি দেওবাৰে মৰিগাওঁ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰা হয়। জিলা আক্ৰাছুৰ ভাৰপ্ৰাপ্ত সভাপতি হিমাংশু ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখা কৰে জিলা আক্ৰাছুৰ সাংগঠনিক সম্পাদক পৰেশ চন্দ্ৰ ডেকাই।
কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ ন্যায্য প্ৰাপ্তিৰ দাবীত চলি অহা সংগ্ৰামখনিৰ ওপৰত বক্তব্য প্ৰদান কৰে জিলা আক্ৰাছুৰ সম্পাদক শিৱাজী ডেকাই। সভাত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক হেমন্ত ডেকা, জিলা আক্ৰাছুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা জিলা উপদেষ্টা জ্যোতিষ ডেকা, যতীন ডেকা, পৰেশ ডেকা সহ সংগঠনটোৰ বহুকেইজন নেতা।
এই অনুষ্ঠানতে সীমান্ত ভৰালী আৰু জোনমণি ডেকাৰ নেতৃত্বত গঠিত আক্ৰাছুৰ মৰিগাঁও সদৰ সমিতি খনৰ বিষয়ববীয়া আৰু সদস্যসকলক শপত বাক্য পাঠ কৰায় মৰিগাঁও জিলা আক্ৰাছুৰ প্ৰতিষ্ঠাপক সম্পাদক জ্যোতিষ ডেকাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি