Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:41 pm

Home » আঞ্চলিক » তিতাবৰত মাদক দ্ৰব্যৰ অবাধ প্ৰচলন : ৰাজপথত ওলাই আহিল মহিলা

তিতাবৰত মাদক দ্ৰব্যৰ অবাধ প্ৰচলন : ৰাজপথত ওলাই আহিল মহিলা

তিতাবৰ : তিতাবৰৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে মাদক দ্ৰব্যৰ অবাধ প্ৰচলন৷ যাৰ ফলত বিভিন্ন সময়ত বহু কেইটা অপৰিস্থিতিকৰ ঘটনা সংঘটিত হোৱাৰ উপৰি কেইবাজনো লোকৰ প্ৰাণ হেৰুৱাব লগা হৈছে। সেয়ে আজি তিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিয়ে তিতাবৰ সাপ্তাহিক বজাৰস্থিত কার্যালয়ৰ পৰা তিতাবৰ নগৰৰ মাজেদি এক প্ৰতিবাদী সমদল উলিয়াই তিতাবৰ চাৰিআলিত গড়আলি আৰু ধোদৰআলি পথ অৱৰোধ কৰি তিতাবৰ আবকাৰী বিভাগ হায় হায়, টকা লৈ ফুটা ড্ৰাম অনা বন্ধ কৰক, তিতাবৰৰ আবকাৰী বিভাগৰ অকমৰ্ণ্য বিষয়া কৰ্মচাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, তিতাবৰক মদমুক্ত অঞ্চল হিচাপে ঘোষণা কৰক আদি বিভিন্ন শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে সংগঠনটোৱে তিতাবৰ আবকাৰী বিভাগে প্ৰতিমাহে দহ হেজাৰ টকাৰ বিনিময়ত অবৈধ চুলাই মদৰ ঘাটি চলাবলৈ অনুমোদন দিয়ে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে চুলাই মদক কেন্দ্ৰ কৰি ২০০ টকাৰ বিনিময়ত তিতাবৰৰ বিবিজানত এগৰাকী মাতৃক নিজৰ পুত্ৰৰ হাতত প্ৰাণ দিব লগা হোৱা ঘটনাও সংঘটিত হৈছে। সেয়ে আজি জাতীয় মহিলা পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তিতাবৰ মহকুমাধিপতিৰ যোগেদি অসম চৰকাৰৰ আবকাৰী মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি সকীয়াই দিয়ে যে যদিহে অনাগত ১৫ দিনৰ ভিতৰত তিতাবৰৰ বিভিন্ন অঞ্চলত থকা অবৈধ মদৰ ঘটিসমূহ উচ্ছেদ নকৰে তেনেহলে জাতীয় মহিলা পৰিষদে ইয়াতকৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি