Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:06 pm

Home » আঞ্চলিক » কয়াকুছি মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আচনিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

কয়াকুছি মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আচনিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

বৰপেটা : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঢাৰিনগৰীস্থিত কয়াকুছি মহাবিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় সেৱা আঁচনি বা এনএছএছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ছাত্ৰ বাবুল হকৰ তত্বাবধানত ছাফাই অভিযানৰ পিছত কলেজৰ পতাকা উত্তোলন কৰে অধ্যাপক গোলাপ খানে আৰু এন এছৰ উত্তোলন কৰে এনএছএছৰ প্ৰগ্ৰাম অফিচাৰ হান্নান আলী আহমেদে।
এনএছএছৰ আৰম্ভণী গীতেৰে আৰম্ভ হোৱা সভাত অতিথি হিচাপে উপস্থিত থাকে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত হালৈ, কয়াকুছি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, অধ্যাপক জাকিৰ হুছেইন, অধ্যাপক মহিৰ উদ্দিন আহমেদ, অধ্যাপক গোলাপ খান, শিল্পী জাকিৰ হুছেইন আদি গন্য-মান্য ব্যক্তি।
আদৰ্শ জাতীয় বিদ্যালয়, ইউনিক একাডেমি, আসাম একাডেমী¸ জীৱন জ্যোতি জাতীয় বিদ্যালয়, লৱাৰ আসাম একাডেমী¸ আঞ্চলিক জাতীয় বিদ্যালয়, কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়¸ দাৰুল হিকমাহ একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ওলোৱা সজাগতা সমদলত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক এনএছএছৰ কৰ্তৃপক্ষৰ পৰা গছ পুলি বিতৰণ কৰে। সভাৰ শেষত সকলোকে সফলতাৰে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱসটো পালন কৰাত সহযোগ কৰাৰ বাবে শলাগৰ শৰাই যাঁচে প্ৰগ্ৰাম অফিচাৰ অধ্যাপক হান্নান আলী আহমেদে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি