Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:17 pm

Home » আঞ্চলিক » আমাৰ জীৱন আছিল পাৰস্পৰিক প্রেম

আমাৰ জীৱন আছিল পাৰস্পৰিক প্রেম


গুৱাহাটী : দেওবাৰে পুৱা মুম্বাইত ৬৪ বছৰ বয়সত মৃত্যু হোৱা প্রখ্যাত চলচিচত্র পৰিচালক কল্পনা লাজমি প্রায় ৪০ বছৰ প্রখ্যাত গায়ক, গীতিকাৰ, পৰিচালক, শিল্পী ভূপেন হাজৰিকাৰ সংগী আছিল৷ অলপতে প্রকাশ হোৱা, সুনন্দা শ্যামল মিত্রৰ সৈতে যুটীয়াভাৱে লিখা ‘ভূপেন হাজৰিকা ঃ এজ আই নিউ হিম’ নামৰ গ্রন্থখনত লাজমিয়ে লিখিছে যে ভূপেন হাজৰিকাই সদায় অনুভৱ কৰিছিল যে তেওঁ আৰু লাজমিয়ে তেওঁলোকৰ প্রেম কাহিনীক লৈ গৌৰৱ কৰা উচিত়, কাৰণ সমাজৰ সংৰক্ষণশীল গাঁথনিলৈ চালে তেওঁলোকৰ প্রেম কাহিনী বিশেষ আৰু অতুলনীয়৷
উল্লেখযোগ্য যে ২০১১ চনত হাজৰিকাৰ মৃত্যু হয়৷ কিতাপখনত লাজমিয়ে লিখিছে যে প্রথমবাৰৰ বাবে হাজৰিকাক লগ পাওঁতে তেওঁৰ বয়স আছিল মাত্র ১৭ বছৰ৷ তেতিয়া হাজৰিকাৰ বয়স আছিল ৪৫ বছৰ৷ ‘প্রথম দৃষ্টিতে ‘প্রেমেৰে মোৰ চকু উজ্জ্বল হৈ উঠিছিল আৰু ৪০ বছৰৰ পাছত, তেওঁৰ জীৱন বন্তি নুমুওৱাৰ ঠিক আগমুহূর্তত তেওঁৰ চকুত মই তাৰ প্রতিফলন দেখিছিলোঁ৷’ হার্পাৰ কলিন৲ছ ইণ্ডিয়াই প্রকাশ কৰা কিতাপখনত লাজমিয়ে লিখিছে, ‘যুৱ অৱস্থাৰ পৰা বৃদ্ধ বয়সলৈকে আমাৰ জীৱন আছিল পাৰস্পৰিক প্রেম, আৱেগৰ এক অবিৰত যাত্রা৷ আমি আমাৰ জীৱনৰ বিভিন্ন অধ্যায় অতিক্রম কৰিছিলোঁ– সেইবোৰ কেতিয়াবা আছিল সুখৰ, কেতিয়াবা দুখৰ৷ কিছুমান আমি সদায় মনত ৰাখিছিলোঁ, কিন্তু কিছুমান কথা পাহৰি যাবলৈ চেষ্টা কৰিছিলোঁ৷’ তেওঁনো হাজৰিকাৰ প্রতি আকর্ষিত হৈছিল কিয়? ‘মই যেতিয়া ৪৫ বছৰ বয়সীয়া ভূপেন হাজৰিকাক লগ পাইছিলোঁ, তৎক্ষণাৎ মই ‘ধুমুহা’ৰ কথা ভাবিছিলোঁ৷ ধুমুহাৰ অর্থ হ’ল ব্রহ্মপুত্রৰ নদীপৰীয়া সভ্যতাৰ ওপৰেৰে হঠাৎ পাৰ হৈ যোৱা প্রচণ্ড বতাহ৷
ভূপেনো যেন ধুমুহাহে আছিল৷ ধুমুহা চিৰ বর্তমান আৰু বছৰে বছৰে ধুমুহা হয়, সকলো ঢাঁহি-মুহি নিয়ে৷ ৪৫ বছৰ বয়সত ভূপেনৰ ব্যক্তিত্ব আছিল ধুমুহাৰ নিচিনা– মোহনীয়, উগ্র, আৱেগিক, প্রতিভাসম্পন্ন আৰু বুদ্ধিমত্তা আছিল অতুলনীয়৷ বিশেষকৈ তেওঁ তেওঁৰ উত্তৰ-পূবক অতি ভাল পাইছিল আৰু ভাৰতৰ সৈতে ভাতৃত্ববোধৰ ডোলেৰে বান্ধি ৰাখিবলৈ ধুমুহাৰ দৰে কাম কৰিছিল৷’ লাজমিয়ে লিখিছে যে ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ প্রেম কাহিনী অগতানুগতিক৷ ভূপেন হাজৰিকাৰ সৈতে ৪০ বছৰৰ ঘটনাবহুল যাত্রাত আছিল বহু গুৰুত্বপূর্ণ সমাজ-সাংস্কৃতিক আৰু ৰাজনৈতিক ঘটনা– যিবোৰে দুয়োৰে জীৱনত, ব্যক্তিত্বত গভীৰ প্রভাৱ পেলাইছিল৷ সেই কাৰণেই তেওঁ কিতাপখন লিখিলে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি