Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:40 pm

Home » আঞ্চলিক » প্ৰদেশ কংগ্ৰেছত ক্ৰমাৎ তীব্ৰতৰ হৈছে ৰকি-ওৱাজেদৰ যুঁজ

প্ৰদেশ কংগ্ৰেছত ক্ৰমাৎ তীব্ৰতৰ হৈছে ৰকি-ওৱাজেদৰ যুঁজ

গুৱাহাটী : ৰাজনৈতিক প্রভাৱ বিস্তাৰৰ যুঁজত প্রদেশ কংগ্রেছত পুনৰ তঁুহ জুই জ্বলিছে৷ বিসম্বাদে উক দিয়া প্রদেশ কংগ্রেছৰ অভ্যন্তৰীণ যুঁজখন এতিয়া দিল্লী পাইছেগৈ৷ ৰকিবুল হুছেইন আৰু অনিল ৰাজাৰ মাজৰ আইনী যুঁজ, অভিযোগ-প্রতি অভিযোগৰ বাকযুদ্ধতেই কংগ্রেছৰ সংঘাতময় পৰিৱেশ সীমাবদ্ধ থকা নাই৷ শিবিৰ বিভক্ত হৈ পৰিছে কংগ্রেছ বিধায়িনী দল৷
বিশেষকৈ কংগ্রেছৰ সংখ্যালঘু নেতা-বিধায়কসকলৰ মাজত তীব্রতৰ সংঘাত হাইকমাণ্ডৰ বাবেও মূৰৰ কামোৰণি হৈ পৰিছে৷ দলটোৰ ভিতৰত বিৰাজ কৰা বাদ-বিসম্বাদ লোক সভা নির্বাচনলৈ অধিক হোৱাৰ ইংগিতকে বহন কৰিছে৷
উল্লেখযোগ্য যে প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ বিৰোধী আৰু সমর্থক দুটা শিবিৰত সংখ্যালঘু বিধায়কসকল বিভক্ত হৈছে৷ ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাই উত্থাপন কৰা বিস্ফোৰক অভিযোগ, ভিজিলেন্সত ৰুজু হোৱা গোচৰ আদিৰ আঁৰত প্রদেশ কংগ্রেছৰেই কেইবাজনো শক্তিশালী নেতা আৰু বিধায়ক জড়িত থকাৰ সন্দেহত ৰকিবুল হুছেইনৰ শিবিৰেও এঘৰী যুঁজাৰ সংকল্প লৈছে৷
প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ সমর্থনত থিয় দি ৰূপহীৰ বিধায়ক নুৰুল হুদা, পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুল কালাম ৰছিদ আলম, পশ্চিম বিলাসীপাৰাৰ প্রাক্তন বিধায়ক আলী আকবৰ মিঞা আদি কেইবাজনো সংখ্যালঘু নেতা, বিধায়কে প্রতিদ্বন্দ্বী শিবিৰটোৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে৷ ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাক ঢাল হিচাপে লৈ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত প্রদেশ কংগ্রেছৰ এটা শক্তিয়ে চাবি পকোৱা বুলি পতিয়ন গৈ হাইকমাণ্ডৰ কাষ চাপিছে ৰকিবুল হুছেইনৰ শিবিৰ৷
প্রদেশ কংগ্রেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ পদৰ পৰা ৱাজেদ আলী চৌধুৰীক অপসাৰণ কৰিব লাগে বুলি হাইকমাণ্ডৰ ওচৰত ৰকিবুলৰ শিবিৰে অভিযোগ-পত্র দিছে৷ বর্তমানৰ বিধায়ক, প্রাক্তন সাংসদ, প্রাক্তন বিধায়ক আৰু বিগত বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি পৰাস্ত হোৱা কেইজনমান সংখ্যালঘু নেতাই হাইকমাণ্ডক অলপতে প্রদান কৰা পত্রত অভিযোগ কৰিছে যে ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত প্রদেশ কংগ্রেছৰ সংখ্যালঘু ৰাজনীতি ধবংসৰ মুখলৈ গতি কৰিছে৷ সাধাৰণ কর্মীৰ লগত সম্পর্ক নথকা ৱাজেদ আলী চৌধুৰী পৰিয়ালকেন্দ্রিক ৰাজনীতিত ব্যস্ত৷
ধুবুৰী আৰু বৰপেটা লোক সভা সমষ্টিত সংখ্যালঘু ৰাইজৰ মাজত কংগ্রেছৰ সাংগঠনিক স্থিতি ৱাজেদ আলী চৌধুৰীৰ বাবেই ধবংস হৈছে৷ পত্রখনত এনে বহু অভিযোগ উত্থাপন কৰি কংগ্রেছৰ দুজন বিধায়কসহ সংখ্যালঘু নেতা কেইজনমানে ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’ব লাগে বুলি হাইকমাণ্ডৰ ওচৰত দাবী জনাইছে৷
স্বাভাৱিকতেই এই পত্রখনক লৈ ৰাজীৱ ভৱনত এতিয়া সৰৱ চর্ চলিছে৷ লক্ষ্যণীয় কথাটো হ’ল কংগ্রেছৰ ১৫জন সংখ্যালঘু বিধায়কৰ ভিতৰত ১২জন বিধায়কেই ৰাজনৈতিক সংকটত ভোগা প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ সপক্ষত থিয় দিয়া নাই৷ কংগ্রেছ বিধায়িনী দল আৰু সংখ্যালঘু ৰাজনীতিত বিষয়টো যথেষ্ট তাৎপর্যপূর্ণ বিবেচিত হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি