Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:05 pm

Home » সম্পাদকীয় » কংগ্ৰেছ বনাম এআইইউডিএফ : এক নিৰপেক্ষ বিশ্লেষণ

কংগ্ৰেছ বনাম এআইইউডিএফ : এক নিৰপেক্ষ বিশ্লেষণ

# ৰিয়াজ উদ্দিন আহমেদ

অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন দেশৰ কোনো ৰাজ্যৰ লগত নিমিলে, আনকি অসমৰ সমস্যাও ভিন্ন৷ অসমৰ উন্নয়ণৰ সমস্যাক ৰাজ্যবাসীয়ে মনতে নেপেলায়৷ প্ৰায় ৪০ বছৰ কাল ধৰি চলি থকা বিদেশী খেদা আন্দোলনটো পৰ্যায়ক্ৰমে বাংলাদেশী খেদা, তাৰ পিচত শেহতীয়াভাৱে মিঞা খেদা আন্দোলনলৈ অলিখিতভাৱে উন্নত হৈছে৷
সম্প্ৰতি ৰাজ্যখনত চলি থকা ৰাষ্ট্ৰীয় নগাৰিকপঞ্জী চমুকৈ এনআৰচিৰ নীতি মালাসমুহ ক্ৰমাগতভাবে জটিল কৰাৰ মূল উদ্দেশ্যই হৈছে ৰাজ্যখনৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনিয়ে যাতে সহজলভ্য নথি প্ৰদৰ্শন কৰি এনআৰচিত নিজৰ নাম সন্নিবিষ্ট কৰিব নোৱাৰে!৷ বৰ্তমান হিন্দুত্ববাদ ৰাজনৈতিক দলে হিন্দুসকলক আৱেগিক কৰা আৰু মুছলমান ভোটৰ ওপৰত নিৰ্ভৰশীল নিজকে তথাকথিত ধৰ্মনিৰপেক্ষ দল বুলি ভবা দলসমূহে মুছলমান ভোটাৰক আৱেগিক কৰি নিজৰ দললৈ টানি আনিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ মুছলমানক আকৃষ্ট কৰাৰ ক্ষেত্ৰত কম বেছি পৰিমানে সকলো দলেই চেষ্টা অব্যাহত ৰাখিছে৷ ৰাজনৈতিক দলসমূহে মুছলমানৰ সমস্যা সমাধানতকৈ মুছলমানৰ ভোটৰহে বেছি প্ৰয়োজনৰ কথা চিন্তা কৰে৷ এআইইউডিএফ আৰু কংগ্ৰেছ এই দুয়োটা দলেই মুছলমান ভোটৰ ওপৰত নিৰ্ভৰশীল৷ যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হোৱাৰ বাবে এআইইউডিএফক দোষাৰূপ কৰে৷ কিন্তু এটা বাস্তৱ সত্য এয়াই যে— আচলতে এআইইউডিএফ দলে নিজৰ কিছু ভুলৰ বাবে নিজৰ দলৰো ক্ষতি কৰিছে৷ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এই দলটোৰ প্ৰতি মুছলমান ভোটাৰৰ আকৰ্ষণ কমা নাছিল, সঠিকভাবে টিকট প্ৰদান কৰা আৰু নিজ দলৰ পৰ্যাপ্ত শক্তি থকা সীমিত সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কমেও ২৭ খন আসন পালেহেতেন৷ তাকে নকৰি দলটোৱে নিজৰ শক্তি নথকা (মুছলমানৰ মাত্ৰ ১০/১৫ হেজাৰ ভোট থকা) সমষ্টিতো প্ৰাৰ্থী দি নিজেও হাৰিছে আনকি বহুকেইখন আসনত কংগ্ৰেছকো হৰুৱাইছে আৰু এই সুবিধা গ্ৰন কৰি বিজেপি লাভান্বিত হৈছে৷
এআইইউডিএফ দলৰ অপৰিপক্ক নিৰ্বাচনী ভাষণ, টিকেট কেলেঙ্কাৰী আৰু হোমজিকেল ডিচিসনৰ বাবেই দলটোৰ প্ৰতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুছলমান ভোটাৰৰ মোহভংগ হৈছিল৷ ফলত দলটোৱে নিশ্চিতভাবে জয়লাভ কৰিব লগীয়া প্ৰায় ১৪ খন আসন হেৰুৱাইছিল৷
বহুতেই ক’ব বিচাৰে তৰুণ গগৈৰ জেদী আঁকোৰগোজ মনোভাবৰ বাবে কংগ্ৰেছে উজনি অসমত আসন পাবলৈ সক্ষম নহল৷ হয়তো দল দুটাৰ কোনোটোৱই এই যুক্তি মানি নলবও পাৰে৷
এতিয়া আহো এই দুই দলৰ মিত্ৰতাৰ প্ৰসঙ্গলৈ৷ কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল আনকি এআইইউডিএফ দলো কাগজে-কলমে ধৰ্মনিৰপেক্ষ দল হলেও বদৰ উদ্দিন আজমলৰ দৰে মৌলনা মানুহ দলটোৰ সভাপতি হোৱাৰ বাবেই হিন্দু সমাজৰ অধিকাংশই ইয়াক মিঞাৰ দল বা বাংলাদেশীৰ ৰক্ষক দল বুলি কব খোজে৷.এনে ক্ষেত্ৰত কংগ্ৰেছে এই দলটোৰ লগত মিত্ৰতা কৰিলে সাধাৰণ হিন্দু ভোটাৰক ধৰ্মীয় মেৰুকৰণ কৰাত বিজেপিয়ে সুবিধা পাব, ফলত উজনি অসমত কংগ্ৰেছৰ ভেটি উছন হোৱাৰ সম্ভাবনা আছে ৷ অৱশ্যে মিত্ৰতা কৰিলে এআইইউডিএফ দলৰ লাভ হোৱাটো নিশ্চিত৷
কংগ্ৰেছ দলৰ হাই কমাণ্ডে অৱশ্যই মিত্ৰতাৰ ক্ষেত্ৰত অসম ৰাজ্যিক কংগ্ৰেছ কমিটীৰ পৰামৰ্শ ল’ব আৰু ৰাজ্যৰ কংগ্ৰেছ দলৰ নেতাসকল এই মিত্ৰতাত ১০০% বিৰোধ কৰিব সেয়া নিশ্চিত৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি