Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:29 am

Home » মনোৰঞ্জন » অস্কাৰৰ বাবে মনোনীত আদিল হুছেইন অভিনীত নৰৱেৰ ছবি ‘হোৱাট উইল পিপ’ল ছে’

অস্কাৰৰ বাবে মনোনীত আদিল হুছেইন অভিনীত নৰৱেৰ ছবি ‘হোৱাট উইল পিপ’ল ছে’

গুৱাহাটী : ২০১৯ বৰ্ষৰ অস্কাৰৰ বাবে মনোনীত হৈছে অসম সন্তান আদিল হুছেইন অভিনীত নৰৱেৰ ছবি’হোৱাট উইল পিপ’ল ছে’।
চিনেমাখনত এজন পাকিস্তান পিতৃৰ চৰিত্ৰত অভিনয় কৰা আদিলে কিছুদিন পূৰ্বে লাভ কৰিছিল নৰৱেৰ অভিনয় ক্ষেত্রত সৰ্বোচ্চ সন্মান আমান্দা বঁটা।মঙলবাৰে চিনেমাখনে নৰৱেৰ পৰা ৯১সংখ্যক একাডেমী এৱাৰ্ডৰ বাবে মনোনয়ন লাভ কৰাৰ খবৰ পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াযোগে পৰিচালক ইৰম হকক অভিনন্দন জনোৱাৰ লগতে নিজেও সন্তুষ্টি ব্যক্ত কৰে।পাকিস্তানী মূলৰ মহিলা পৰিচালক ইৰম হকে প্ৰব্ৰজনৰ সমস্যাক সুন্দৰভাৱে তুলি ধৰিছে নৰৱেৰ এই ছবিখনত।
ইয়াৰ আগতে আদিল অভিনীত ২০১২ চনত মুক্তি পোৱা”লাইক অৱ পাই’ ছবিখনে ৩ টাকৈ অস্কাৰ পুৰস্কাৰ আজুৰি আনিবলৈ সমৰ্থ হৈছিল।
ইপিনে অস্কাৰলৈ মনোনীত হৈছে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’। বিদেশী ভাষা শিতানত ভাৰতে অস্কাৰলৈ আনুষ্ঠানিকভাৱে বাছনি কৰে ৰীমা দাস পৰিচালিত ‘ভিলেজ ৰকষ্টাৰ্ছ’ নামৰ চলচ্চিত্ৰখন। উল্লেখ্য যে অস্কাৰলৈ বাছনি হোৱা প্ৰথমখন অসমীয়া ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ’। অৱশ্যে চূড়ান্ত শিতানত চলচ্চিত্ৰখনে স্থান পাব নে নাই, সেয়া নিশ্চিত হ’ব অস্কাৰ একাডেমীয়ে বিদেশী ভাষাৰ শিতানৰ চূড়ান্ত শিতানৰ চলচ্চিত্ৰৰ নাম ঘোষণা কৰাৰ পাছতহে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি