Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:59 am

Home » আঞ্চলিক » ৫০ শতাংশ বৃদ্ধি পাব যান-বাহনৰ ভাৰা

৫০ শতাংশ বৃদ্ধি পাব যান-বাহনৰ ভাৰা


গুৱাহাটী :  পেট্রল-ডিজেল, ৰন্ধন গেছ, নিত্য ব্যৱহার্য সামগ্রীৰ দাম বৃদ্ধিৰ পাছত এইবাৰ সকলো শ্রেণীৰ ব্যাৱসায়িক যান-বাহনৰ ভাৰা বৃদ্ধি পাব৷ অহা ৩ অক্টোবৰৰ পৰা ৰাজ্যজুৰি বৃদ্ধি পাব ব্যাৱসায়িক যান-বাহনৰ ভাৰা৷ বর্তমান প্রযোজ্য হৈ থকা ভাৰাৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ বৃদ্ধি পাব৷ ইতিমধ্যে ৫০ শতাংশ ভাৰা বৃদ্ধি কৰাৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ কথা আজি সদৌ অসম মটৰ পৰিবহণ সন্থাই অসম চৰকাৰৰ পৰিবহণ বিভাগক অৱগত কৰায়৷
অবিৰতভাৱে পেট্রল-ডিজেলৰ দাম বৃদ্ধি পাই অহা সত্ত্বেও ভাৰা বৃদ্ধিৰ বাবে পৰিবহণ বিভাগে কোনো সিদ্ধান্ত গ্রহণ নকৰাত সদৌ অসম মটৰ পৰিবহণ সন্থাই নিজাববীয়া সিদ্ধান্ত গ্রহণ কৰি আজি পৰিবহণ আয়ুক্তৰ হৈ যুটীয়া আয়ুক্ত বিপুল পাঠকক সাক্ষাৎ কৰি ভাৰা বৃদ্ধিৰ সিদ্ধান্তৰ কথা অৱগত কৰায়৷ যাৰ ফলত এতিয়া অক্টোবৰৰ পৰা প্রতিজন যাত্রীয়ে অতিৰিক্ত ৫০ শতাংশ ভাৰা ভৰিব লাগিব৷ গুৱাহাটীৰ চিটি বাছৰ যাত্রীয়ে নূ্যনতম ৭.৫০ টকা ভৰিব লাগিব৷ এটা এক কিল’মিটাৰ অঞ্চল চিটি বাছত ভ্রমণ কৰিবলৈও আদায় দিব লাগিব ৭.৫০ টকা৷ সেইদৰে ৰাজ্যৰ অন্য প্রান্তৰ যান-বাহনতো অতিৰিক্ত ৫০ শতাংশ ধন যাত্রীয়ে আদায় দিব লাগিব৷ যিবোৰ যান-বাহনে বর্তমান ১০০ টকা ভাৰা আদায় কৰি আহিছে, সেইবোৰ যান-বাহনে ৩ অক্টোবৰৰ পৰা ১৫০ টকাকৈ আদায় কৰিব৷ এক কথাত প্রতিখন যান-বাহনৰ ক্ষেত্রত এই নতুন নিৰিখ কার্যকৰী কৰিবলৈ সাজু হৈছে মটৰ পৰিবহণ সন্থা৷
সাধাৰণতে একক সিদ্ধান্তৰে পৰিবহণ সন্থাসমূহে ভাৰা বৃদ্ধি কৰিব নোৱাৰে যদিও ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত নোলোৱা বাবে পেট্রল-ডিজেলৰ দাম বৃদ্ধিত অতিষ্ঠ হৈ নিজাববীয়া সিদ্ধান্তৰে ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে সংগঠনটোৰ সচিব প্রধান প্রদীপ দাসে৷ পৰিবহণ আয়ুক্তলৈ প্রেৰণ কৰা স্মাৰক-পত্রত সচিব প্রধানে কয় যে ২০১২ চনৰ ১১ অক্টোবৰত শেষবাৰৰ বাবে অসম চৰকাৰে ব্যাৱসায়িক যান-বাহনৰ ভাৰা নির্ধাৰণ কৰিছিল৷ সেই সময়ত প্রতি লিটাৰ ডিজেলৰ দাম আছিল ৫০.৫০ টকা৷ কিন্তু এতিয়া প্রতি লিটাৰ ডিজেলৰ দাম বৃদ্ধি পাই হয়গৈ ৭৭.২৪ টকা৷ সমান্তৰালকৈ বৃদ্ধি পাইছে পেট্রলৰ দাম৷
এনেস্থলত ২০১২ চনত নির্ধাৰণ কৰা ভাৰাত যান-বাহন চলাই থকাটো কেনেকৈ সম্ভৱ বুলি স্মাৰক-পত্রখনত প্রশ্ন কৰে৷ কেৱল তেলৰ দাম বৃদ্ধি হোৱাই নহয়, বীমাৰ ধনৰ মূল্যও বৃদ্ধি পাই অহাৰ পৰিপ্রেক্ষিতত পৰিবহণ ব্যৱসায়ত ব্যাপক নেতিবাচক প্রভাৱ পৰাত ভাৰা বৃদ্ধিৰ বাবে সংগঠনটোৱে কেইবাবাৰো চৰকাৰৰ লগত আলোচনা কৰিছিল৷ চলিত বর্ষৰ ৩১ আগষ্টতো সদৌ অসম মটৰ পৰিবহণ সন্থাই পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক সাক্ষাৎ কৰি ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰিছিল৷ সংগঠনটোৰ দাবীৰ ভিত্তিত মন্ত্রী পাটোৱাৰীয়ে ভাৰা নতুনকৈ নির্ধাৰণৰ প্রতিশ্রুতি দিছিল৷ কিন্তু পেট্রল-ডিজেলৰ অবিৰত দাম বৃদ্ধি হৈ থকাৰ পাছতো চৰকাৰখনে নীৰৱে থকাত এতিয়া ৫০ শতাংশ ভাৰা বৃদ্ধিৰ নিজাববীয়া সিদ্ধান্ত গ্রহণ কৰি আজি সেই সিদ্ধান্ত পৰিবহণ বিভাগক অৱগত কৰায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি