Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:34 am

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » ১ অক্টোবৰত সৰুসজাইত এনইইউএফচি ফেন পাৰ্কে আয়োজন কৰিব বেণ্ডৰ অনুষ্ঠান, গেম, লেজাৰ শ্ব’

১ অক্টোবৰত সৰুসজাইত এনইইউএফচি ফেন পাৰ্কে আয়োজন কৰিব বেণ্ডৰ অনুষ্ঠান, গেম, লেজাৰ শ্ব’


প্ৰতি মেছ ডে’ত এনইইউএফচি অনুৰাগী সৰুসজাই ষ্টেডিয়ামৰ বিশেষ ফেন পাৰ্কৰ ট্ৰিটৰ বাবে সাজু


গুৱাহাটী : ইণ্ডিয়ান ছুপাৰ লীগৰ পঞ্চম সংস্কৰণ আৰম্ভ হোৱালৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী থকা অৱস্থাত, নৰ্থইষ্ট ইউনাইটেড এফচিয়ে গুৱাহাটীৰ এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানী অক্টো ক্ৰিয়েচনৰ সহযোগিতাত অঞ্চলটোৰ ফুটবল অনুৰাগীৰ বাবে ঘোষণা কৰিছে বিশেষ ফেন পাৰ্কৰ।
অনুৰাগীৰ সৈতে সংযোগ সুদৃঢ় কৰি আইএছএলৰ ইতিহাসতসৰুসজাই স্পোৰ্টছ কমপ্লেক্সত অক্টো ক্ৰিয়েচনে প্ৰতিটো মেছ ডে’ত প্ৰথমবাৰৰবাবে স্থাপন কৰিছে বিশেষ এনইইউএফচি ফেন পাৰ্কৰ, য’ত অনুৰাগীসকলে আইএছএল মেছৰ আৰম্ভণিৰ পূৰ্বে উপভোগ কৰিবলৈ পাব এলানি অনুষ্ঠান। এই বিশেষ এনইইউএফচি ফেন পাৰ্ক মুকলি কৰা হ’ব ১ অক্টোবৰত।
“১ অক্টোবৰৰ পৰা সৰুসজাই ষ্টেডিয়ামৰ চৌহদত আৰম্ভ হ’বলগীয়া এনইইউএফচি ফেন পাৰ্ক গভীৰ অনুৰাগীসকলৰ বাবে হৈ পৰিব নিশ্চিতভাৱে আকৰ্ষণীয় স্থান।ইয়াৰ ডিজাইন কৰা হৈছে বন্ধুবৰ্গ আৰু পৰিয়ালৰ ডে-আউট উছৱৰ স্থান হিচাপে, য’ত ক্ৰীড়া, বিনোদন, খাদ্যসম্ভাৰ আৰু আনন্দৰ সমাহাৰে ফুটবল অনুৰাগীসকলক অনন্য অভিজ্ঞতা প্ৰদান কৰিব। ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আবেলি ৩ বজাৰ পৰা বিয়লি ৬.৩০ বজালৈ এই ফেন পাৰ্ক মুকলি থাকিব।” ক’লে অক্টো ক্ৰিয়েচনৰ প্ৰতিষ্ঠাপক ৰাজীৱ কলিতাই। কলিতাই সংযোজন কৰে যে, বৈধ মেচ টিকটেৰে ফেন পাৰ্কত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব।
অক্টো ক্ৰিয়েচনে আয়োজন কৰা এনইইউএফচি ফেন পাৰ্ক পৰিপূৰ্ণ হৈ থাকিব আনন্দময় আৰু বৰ্ণিল উপাদানেৰে, যেনে – স্থানীয় বেণ্ড, প্ৰতিষ্ঠিত অতিথি বেণ্ড, সামূহিক নৃত্যানুষ্ঠান, লেজাৰ আৰু লাইট শ্ব’, সুস্বাদু ব্যঞ্জনেৰে ফুড ক’ৰ্ট, আৰু বিভিন্ন প্ৰডাক্ট ষ্টল য’ত থাকিব নৰ্থইষ্ট ইউনাইটেড এফচিৰ নিজা বিপণি। এক বিশেষ ‘ফেণ্টাচী ৱৰ্ল্ড’ৰো ব্যৱস্থা কৰা হৈছে সংলগ্ন গম্বুজত নিশাৰ আকাশৰ সৈতে, ড্ৰিম জ’ন আৰু হাউছ অব্ ফেম হৈছে এনইইউএফচিৰ অনুৰাগীসকলৰ বাবে অতিৰিক্ত আকৰ্ষণ।
ফেন পাৰ্কৰ ভিতৰত এক বিশেষ বৈঠক আৰু সম্ভাষণ স্থলীয়ে অনুৰাগীসকলক তেওঁলোকৰ প্ৰিয় তাৰকাসকলৰ বিষয়ে জানিবলৈ সুযোগ দিব। “আপোনালোকক এই জ’নে চেলিব্ৰেটীসকলক লগ পোৱাৰ সুযোগ দিব। গতিকে আহক আৰু প্ৰতিটো মেচ ডে’ত আপোনাৰ প্ৰিয় তাৰকাৰ সৈতে ছেলফী উঠক।” অক্টো ক্ৰিয়েচনৰ প্ৰতিষ্ঠাপক ৰাজীৱ কলিতাৰ সংযোজন।
কলিতাই সংযোজন কৰে যে অনুৰাগীৰ সঁহাৰিলৈ লক্ষ্য কৰি এনইইউএফচিৰ যিকোনো মেচৰ বাবে এনইইউএফচি ফেন পাৰ্ক মুকলি ৰখা হ’ব পাৰে।
ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নৰ্থইষ্ট ইউনাইটেড এফচিৰ গৃহভূমিৰ মেচবোৰ অনুষ্ঠিত হ’ব ১ অক্টোবৰত (এফচি গোৱা), অক্টোবৰ ২৫ (জামছেদপুৰ এফচি), নৱেম্বৰ ৯ (মুম্বাই চিটী এফচি), নৱেম্বৰ ২৩ (কেৰালা ব্লাষ্টাৰ্ছ এফচি), ডিচেম্বৰ ৫ (বাংগালুৰু এফচি) আৰু ডিচেম্বৰ ৮ (এটিকে)। ২০১৯ চনৰ মেচসমূহৰ দিন পৰৱৰ্তী সময়ত ইণ্ডিয়ান ছুপাৰ লীগে ঘোষণা কৰিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি