Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:07 pm

Home » আঞ্চলিক » বড়োলেণ্ড বিশ্ববিদ্যালয়ত তৃতীয় দিনাও অব্যাহত প্ৰতিবাদ : বাতিল হ’ল বিশ্ববিদ্যালয়ৰ ফৌজদাৰী পৰীক্ষা

বড়োলেণ্ড বিশ্ববিদ্যালয়ত তৃতীয় দিনাও অব্যাহত প্ৰতিবাদ : বাতিল হ’ল বিশ্ববিদ্যালয়ৰ ফৌজদাৰী পৰীক্ষা


কোকৰাঝাৰ : কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত তৃতীয় দিনাও অব্যাহত প্ৰতিবাদ। ১৭ চেপ্টেম্বৰত কাৰ্যকাল উকলি যোৱাৰ পিছতে পিছদিনাই অৰ্থাৎ ১৮ ছেপ্টেম্বৰত পুনৰ ৰাজ্যপালে নিযুক্তি দিয়া উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাক আতৰাই নতুনকৈ স্থায়ী উপাচাৰ্য নিযুক্তি দিয়াৰ দাবীৰে যোৱা বৃহস্পতিবাৰ পৰাই আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন ধৰ্মঘত শনিবাৰে তৃতীয় দিনাও অব্যাহত থাকে।
এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ফৌজদাৰী পৰীক্ষা বাতিল হল৷ চলিত মাহৰ ২০ পৰা ২৪ ছেপ্টেম্বৰলৈ বাতিল কৰিবলগীয়া হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ বাহিৰে অন্য বিভাগসমূহৰ ফৌজদাৰী (Sessional ) পৰীক্ষা। সেয়ে অতি শীঘ্ৰে সমস্যা সমাধান কৰিবলৈ আহ্বান বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ।
অন্য দিনৰ দৰেই শনিবাৰেও কোকৰাঝাৰ জিলা বড়োলেণ্ড ছাত্ৰ সন্থা ( বি এছ ইও)ৰ উদ্যোগত আয়োজিত প্ৰতিবাদত বিভিন্ন মহাবিদ্যালয়সমূহৰ বহু ছাত্র-ছাত্ৰীসকলে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাৰ বিৰূদ্ধে বিভিন্ন ধ্বনিৰে ওত্তাল কৰি তোলে।
ইফালে তিনিদিনলৈকে প্ৰতিবাদ সাব্যস্ত কৰা স্বত্বেও চৰকাৰৰ কোনো চৰকাৰী বিষয়া তথা প্ৰতিনিধিয়ে প্ৰতিবাদৰ খবৰ লবলৈ প্ৰতিবাদস্থলীত উপস্থিত হোৱা নাই। আনহাতে চৰকাৰে যেতিয়ালৈ দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়ালৈকে অনিৰ্দিষ্টকালীন ধৰ্মঘত অব্যাহত ৰখা হ’ব বুলি চৰকাৰলৈ সকীয়নী প্ৰদান কৰে জিলা বি এছ ইওৰ সভাপতি দেৰহাছাৎ ব্ৰহ্মই।
পাঁচ বছৰ পৰিচালনা কৰিও বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিশেষকৈ ১২ বি ষ্টেটাছ কৰিব নোৱৰা তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ সক্ষম নোহোৱা হেমন্ত কুমাৰ বৰুৱাক ৰাজ্যপালৰ পৰা পুনৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে যদিও কোনো পধ্যেই গ্ৰহণ কৰিব নোৱাৰে আৰু প্ৰতিবাদৰ খবৰ ল’বলৈ চৰকাৰৰ ফালৰ পৰা প্ৰতিবাদস্থলীত উপস্থিত নোহোলৈকে এই গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলি সকীয়নী প্ৰদান কৰে জিলা বি এছ ইওৰ সভাপতি গৰাকীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি