কোকৰাঝাৰ : বি টি এ ডিৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বডোলেণ্ড বিশ্ববিদ্যালয়ৰ ম্যাদ উকলি যোৱাৰ পিছতো পুনৰ উপাচাৰ্য ৰূপে দায়িত্ব লোৱা উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাক আঁতৰাই নতুনকৈ এক্টিং তথা স্থায়ীভাৱে উপাচাৰ্য নিযুক্তি দিয়াৰ দাবীৰে ২০ চেপ্টেম্বৰ পৰা আৰম্ভ কৰা অনিৰ্দিষ্টকালীন ধৰ্মঘত দ্বিতীয় দিনাও অব্যাহত থাকিল। কালিৰ দৰেই পুৱা ৯ বজা পৰা আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে আজিও। দ্বিতীয় দিনতো প্ৰতিবাদ সাব্যস্ত কৰি উপাচাৰ্য হেমন্ত বৰুৱাৰ বিৰূদ্ধে বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ সৌহদ। কোকৰাঝাৰ জিলা বডোলেণ্ড ছাত্ৰ সন্থা ( বি এছ ইও)ৰ উদ্ধোগত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়ৰ সমূহৰ বহু ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ পিছতো চৰকাৰৰ কোনো প্ৰতিনিধি, বিষয়াই খবৰ লবলৈ আহৰি নাই । জিলা বি এছ ইওৰ সভাপতি দেৰহাছাৎ ব্ৰহ্মই অভিযোগ কৰা মতে চলিত চেপ্টেম্বৰ মাহৰ ১৭ তাৰিখে হেমন্ত কুমাৰ বৰুৱাৰ কাৰ্য্যকালৰ ম্যাদ উকলি গৈছে যদিও চৰকাৰে তেওঁক আকৌ উপাচাৰ্য ৰুপে নিযুক্তি দিয়াটো চৰকাৰৰ সৰযন্ত্ৰ। হেমন্ত কুমাৰ বৰুৱাই পৰিচালনা কৰা সময়তে পাঁচটা বছৰত বিশ্ববিদ্যালয়ৰ কোনো এটা উন্নয়নমুলক কাম কৰিবলৈ সক্ষম নহল। আজিলৈ ১২ বি ষ্টেটাছ নোহোৱা বাবে বি টি চিৰ বহু কেইখনমান মহাবিদ্যালয় বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধাৰত গুচি গল। সেয়ে হেমন্ত বৰুৱাক আতৰাই অতি শীঘ্ৰে নতুনকৈ এক্টিং উপাচাৰ্য তথা স্থায়ী উপাচাৰ্য নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰৰ পালৰ পৰা নাহিলে অনিৰ্দিষ্টকালীন বাবে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখা হব বুলি সকীয়নী প্ৰদান কৰে বি এছ ইওৰ নেতা গৰাকীয়ে। আনহাতে কেন্দ্ৰীয় বি এছ ইওৰ সভাপতি ছৌগোমছাৰ বসুমতাৰীয়ে অভিযোগ কৰা মতে অসমৰ ৰাজ্যপাল আৰু বৰ্তমানৰ বিতৰ্কিত উপাচাৰ্য হেমন্ত বৰুৱা দুয়ো মিলি বডোলেণ্ড বিশ্ববিদ্যালয়ক শেষ কৰা ৰযন্ত্ৰ চলাইছে। এনে কৰিবলৈ হেমন্ত কুমাৰ বৰুৱা কোন হয় বুলি প্ৰস্ন কৰে । চৰকাৰৰ আমোলাই হেমন্ত বৰুৱাক উপাচাৰ্য নিযুক্তি কৰি বিশ্ববিদ্যালয়খন শেষ কৰাৰ সৰযন্ত্ৰ কোনো সয্য কৰা নহব আনকি অসমৰ মুখ্য মন্ত্ৰী সৈতে আলোচনাৰ মাজেৰে এই জলন্ত সমস্যা সমাধান কৰিব লাগে অন্যথা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদী কাৰ্যসূচী কঠোৰ ভাৱে লোৱা হ’ব বুলি সকীয়নী প্ৰদান কৰে বি এছ ইওৰ সভাপতিগৰাকীয়ে।