গুৱাহাটী : মূল্যবৃদ্ধিৰ কাৰণে চৰকাৰ পতন হোৱাৰ নজিৰ ভাৰতৰ ইতিহাসত আছে। দেশৰ প্ৰকৃত ক্ষমতাৰ অধিকাৰী হৈছে সৰ্বসাধাৰণ জনতা। জনতাই বিচাৰিলে ১৯ ত বৰ্তমান চৰকাৰৰ পতন ঘটাব। গতিকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ধাৰাবাহিক মূল্যবৃদ্ধিৰ প্ৰসংগটো গুৰুত্ব সহকাৰে ল’ব লাগে। এই মন্তব্য সদৌ অসম খিলঞ্জীয়া ছাত্র সন্থা (আকছু)ৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙৰ। তেওঁ আৰু কয় – পেট্ৰল, ডিজেল, গেছ আদিৰ মূল্যবৃদ্ধি মানেই হৈছে – সকলো বস্তুৰ মূল্যবৃদ্ধি হোৱা। গতিকে চৰকাৰে অনতিপলমে ৰাইজৰ দুৰ্দশাৰ কথা অনুধাৱন কৰি মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। ইফালে সন্থাৰ সাধাৰণ সম্পাদকদ্বয় সমীৰণ পাটোৱাৰী আৰু আৰিফ হুছেইনে ৰাজ্যত জেহাদীৰ উৎপাত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কয় যে – সন্ত্ৰাসবাদী বা জেহাদীৰ কোনো ধৰ্ম নাই, দেশ নাই, জাতি নাই। এই সকলৰ শিপালৈকে বিচাৰি উলিয়াই ৰাজহুৱা ভাৱে বিচাৰ কৰিব লাগে। আমি হোজাই জিলাৰ যমুনামূখৰ জেহাদী কমৰূজ জামানৰ মাতৃজনীয়ে “দেশতকৈ পুত্ৰ ডাঙৰ নহয়” বুলি কোৱা কথাষাৰক শলাগ জনাইছো। এক প্ৰেছ বিবৃতিত খিলঞ্জীয়া ছাত্র সন্থাৰ প্ৰচাৰ সম্পাদক কিৰিপ ডেকাই এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।