Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:46 am

Home » আঞ্চলিক » বগীবিল দলঙেৰে সংযোগ ঘটিল ডিব্রুগড়-ধেমাজিৰ

বগীবিল দলঙেৰে সংযোগ ঘটিল ডিব্রুগড়-ধেমাজিৰ


ডিব্রুগড় : চলিত বর্ষৰ ভিতৰতে দক্ষিণে ডিব্রুগড়ৰ বগীবিল আৰু উত্তৰ দিশে ধেমাজিৰ কুলাজানক সংযোগ কৰিবলগীয়া ৰে’ল আৰু পথ– এই দুখলপীয়া দলংখন দেশবাসীৰ বাবে উৎসর্গা কৰা হ’ব বুলি চলিত মাহৰ প্রথমভাগত দলংখনৰ নির্মাণৰ অগ্রগতিৰ বুজ লৈ ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঘোষণা কৰি যোৱাৰ পাছত আজি দলংখনৰ ওপৰত সম্পূর্ণ হোৱা দুই লেনযুক্ত ৰে’লপথৰ প্রথমটো লেনেদি এটা দবাসহ এটা ইঞ্জিন পৰীক্ষামূলকভাৱে তথা সফলভাৱে চলাচল কৰোৱায় ৰে’ল বিভাগে৷
যোৱা নিশা দলংখনৰ তলৰ খাপত দুই লেনযুক্ত ৰে’লপথৰ প্রথমটো ট্রেকৰ কাম সম্পূর্ণ হোৱাৰ পাছতে আজি আনুষ্ঠানিকভাৱে বগীবিল দলঙৰ ওপৰেৰে ডিব্রুগড় আৰু ধেমাজিৰ সংযোগ ঘটে৷ আজি এটা দবাসহ ৰে’ল ইঞ্জিনৰ পৰীক্ষামূলকভাৱে দলঙৰ দুই মূৰৰ মাজত চলাচল কৰাৰ পাছতে ৰাজ্যবাসীৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশৰ ৰাইজৰো দীর্ঘদিনীয়া এক সপোন বাস্তৱত পৰিণত হোৱাৰ দিশে আৰু এখোজ আগুৱাই যোৱা বুলি চৰ্চা চলিছে৷
উল্লেখযোগ্য যে ডিব্রুগড়ৰ বগীবিল আৰু ধেমাজিৰ কুলাজানৰ মাজত নির্মীয়মাণ বগীবিল দলং ব্রহ্মপুত্রৰ ওপৰত নির্মাণ হোৱা চতুর্থখন আৰু ৰে’লপথ সংযোগী দুখলপীয়া দ্বিতীয়খন দলং৷ ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্রহ্মপুত্রৰ উত্তৰ দিশে চিচিবৰগাঁৱৰ কুলাজানত তদানীন্তন প্রধানমন্ত্রী এইচ ডি দেৱেগৌড়াই বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল৷ পৰৱর্তী সময়ত ২০০২ চনত সেই সময়ৰ প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে দলংখনৰ নির্মাণৰ কামৰ শুভাৰম্ভ কৰিছিল৷
মন কৰিবলগীয়া যে বগীবিল দলং ব্রহ্মপুত্রৰ ওপৰত নির্মিত ৰাজ্যৰ চতুর্থখন দলং আৰু ৰে’লপথ যোগাযোগৰ ব্যৱস্থা থকা দেশৰ যিকোনো নদীৰ ওপৰত নির্মিত দলঙৰ ভিতৰত আটাইতকৈ দীর্ঘতম দলং৷ এই দলংখনৰ ওপৰৰ ভাগত তিনি ট্রেকযুক্ত পথ আৰু তলৰ খাপত দুই ট্রেকৰ ৰে’লপথৰ সুবিধা থাকিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি