Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:26 pm

Home » আঞ্চলিক » কোকৰাঝাৰত ভেজাল খাদ্য সামগ্ৰীৰ ওপৰত অভিযান

কোকৰাঝাৰত ভেজাল খাদ্য সামগ্ৰীৰ ওপৰত অভিযান

# গাখীৰ,মাছ আদি খাদ্যত ধৰা পৰিল ভেজাল
# ফৰ্মেলিনযুক্ত আৰু ভেজাল খাদ্য বিক্ৰী কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা লোৱাৰ হুংকাৰ : এফ এচ ডব্লিউ

কোকৰাঝাৰ: বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰত মিঠাতেল, গাখীৰ, মাছ, মঙহ, কণীকে ধৰি বিভিন্ন ভেজাল খাদ্য সামগ্ৰীয়ে দীৰ্ঘদিনৰ পৰা জন জীৱনৰ স্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰি তোলাৰ সময়তে অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্ত বিভাগৰ নিৰ্দেশত নামনি অসমৰ কোকৰাঝাৰ জিলাত পাচঁদিনীয়াকৈ ভেজাল খাদ্য সামগ্ৰীৰ ওপৰত চোকা দৃষ্টিৰে পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে খাদ্য সামগ্ৰীৰ সুৰক্ষাৰ্থে অত্যাধুনিক এফ এচ ডব্লিউ (FSW) নামৰ গাড়ীখনে৷
লক্ষনীয় যে, ভেজাল খাদ্য সামগ্ৰীৰ পৰীক্ষা নিৰীক্ষাৰ বাবে অত্যাধুনিক এফ.এচ.ডব্লিউ পৰীক্ষাগাৰ গাড়ীখনত ইতিমধ্যে কোকৰাঝাৰ চহৰৰ ১২ বিধ খাদ্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা নিৰীক্ষা চলাইছে ৰাজ্যিক জনস্বাস্থ্য পৰীক্ষাগাৰৰ ৰসায়নবিদ (কেমিষ্ট) হলধৰ দাস আৰু সহকাৰী ৰসায়নবিদ অমিয় কুমাৰ পাঠকে৷
ৰসায়নবিদ অমিয় কুমাৰ পাঠকে সংবাদ মাধ্যমক জনোৱা মতে ইতিমধ্যে পৰীক্ষাগাৰত কোকৰাঝাৰত মাছৰ নমুনাত প্ৰাথমিক পৰ্যায়ত বৰবিহ ফৰ্মেলিন দাৱী কৰি গাখীৰত ৫০ শতাংশই ভেজাল বুলি সদৰী কৰে৷ দলটিয়ে কাইলৈ গোসাইগাও মহকুমাতো ভেজাল খাদ্যৰ নুমুনা সংগ্ৰহ কৰিব বুলি জনাই৷
ইফালে কোকৰাঝাৰৰ খাদ্য সুৰক্ষা আৰু যোগান বিভাগৰ বিষয়া বিলিফাং বসুমতাৰীয়ে এফএচ ডব্লুৰ দলটিৰ অনুসন্ধানত সহযোগ কৰি কোকৰাঝাৰ চহৰৰ বজাৰত পশ্চিমবংগ আৰু অন্ধপ্ৰদেশৰ পৰা অহা চালানী ৰৌ, কাতল, ইলিচ, ৰূপচান্দাত ফৰমেলিন যুক্ত বৰবিহ পোৱা দাৱী কৰাৰ লগতে ৫ টাকৈ গাখীৰৰ নমুনা সংগ্ৰহ কৰি ভেজাল পোৱা বুলি স্পষ্ট কৰি দিয়ে৷ তেঁও ১৮ ছেপ্টেম্বৰ পৰা ২২ ছেপ্টেম্বৰলৈ চলিব লগা অভিযানকালত চালানী মাছ, গাখীৰৰ উপৰি মিঠাতেল, দাইল, মিঠাই, পনীৰকে ধৰি ২০ বিধ খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা নিৰিক্ষা অব্যাহত ৰখা জনাই৷ এইক্ষেত্ৰত পৰীক্ষাৰ অন্তত অচিৰেই কোকৰাঝাৰ জিলাত ভেজাল খাদ্য বিক্ৰী কৰা ধুৰন্ধৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী প্ৰক্ৰিয়াৰে বিহীত ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি