Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:02 pm

Home » আঞ্চলিক » কামৰূপ মহানগৰ (মেট্ৰ’) এলেকাৰ অনুজ্ঞাপত্ৰধাৰী হকাৰক বন্ধ কৰি ৰখা কেৰাচিন তেল আবণ্টন দাবী

কামৰূপ মহানগৰ (মেট্ৰ’) এলেকাৰ অনুজ্ঞাপত্ৰধাৰী হকাৰক বন্ধ কৰি ৰখা কেৰাচিন তেল আবণ্টন দাবী

খাদ্য আৰু যোগান বিভাগৰ আয়ুক্ত আৰু সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰদান কামৰূপ মহানগৰ (মেট্ৰ’) হকাৰ সন্থাৰ

গুৱাহাটী : কামৰূপ মহানগৰ (মেট্ৰ’) অন্তৰ্গত হকাৰৰ অনুজ্ঞাপত্ৰধাৰী সকলৰ অধিক সংখ্যকেই আজিৰ পৰা ৩০-৪০ বছৰ আগতে বিহাৰ ও উত্তৰ প্ৰদেশৰ পৰা আহি কেৰাচিন তেলৰ অনুজ্ঞা পত্র লৈছিলে। অনুজ্ঞাপত্ৰ লােৱাৰ সময়ত এন এছ চিৰ ধন আৰু চালানৰ ধন জমা কৰাৰ পিছত অনুজ্ঞাপত্ৰ পাইছিল। অনুজ্ঞাপত্ৰ পােৱাৰ লগে লগে তিনিচুকীয়া গাড়ী, ড্রাম আৰু তেল জোখ-মাখ কৰা সামগ্রী লােৱা বাধ্যতামূলক আছিল। সেই সামগ্ৰীবােৰ কিনােতে ১০-১২ হাজাৰ টকা লাগিছিল। সেই অনুজ্ঞাপত্ৰৰ জৰিয়তে ডিপােৰ পৰা তেল আবণ্টন লৈ বিভাগীয় নিয়ম মতে ৰাইজৰ পদূলিয়ে পদূলিয়ে সামান্যতম লাভৰ দ্বাৰা নিজৰ নিজৰ পৰিয়ালৰ চাহিদা পূৰণ কৰি সেরামূলক মনােভাৱেৰে তেল বিতৰণ কৰা কাৰ্য্য কৰি আহিছে।
আগতে অসমৰ লোকসকলে এই কাৰ্য্য কৰাৰ বাবে আগবাঢ়ি আহিব বিচৰা নাছিল। পূর্বতে হকাৰৰ তেলৰ আবণ্টন বেছিকৈ আছিল, লাহে লাহে কৰ্তন কৰি কেইবাবছৰ আগৰ পৰা প্ৰতিজন হকাৰক মাত্র ২০০ লিটাৰকৈ হে তেল আবণ্টন দিয়া হৈ আছে। এই সামান্য তেলখিনি এদিনতে ডিপােৰ পৰা আবণ্টন লৈ বিভাগীয় নিয়ম মতে কৰা হয়। যাৰ ফলত মাহত হকাৰৰ গাড়ীখন এদিনহে ব্যৱহাৰ হয়। বছৰত মাত্র ১২ দিনহে ব্যৱহাৰ হােৱাৰ ফলত বহু অনুজ্ঞাপত্ৰধাৰী তিনিচুকীয়া গাড়ীবােৰ মামৰ লাহি জহি-খহি বেয়া হৈ গৈছে। বর্তমান এখন তিনিচুকীয়া গাড়ী, ড্রাম আৰু আন আন সামগ্ৰীবােৰ কিনােতে ১৫ ৰ পৰা ২০ হাজাৰ টকা প্রয়ােজন। যাৰ বাবে গাড়ীবােৰ জহি-খহি যােৱাসকলে নিজৰ আত্মীয়ৰ তিনিচুকীয়া গাড়ীয়ে বা ঠেলা গাড়ীৰ জৰিয়তে কেৰাচিন তেল আবণ্টন লৈ বিভাগীয় নির্দেশ মতে বিতৰণ কৰা কাৰ্য্য কৰি আহিছিল। বর্জন হকাৰ অনুজ্ঞাপত্ৰধাৰী সকলৰ অধিক সংখ্যক ব্যক্তিৰ বয়স ৫০-৬০ বছৰতকৈ অধিক হব। এনে ক্ষেত্ৰত এইসকল ব্যক্তিয়ে চৰকাৰী আন কোনাে চাকৰি বা আন কোনাে কর্ম পােৱাৰ সম্ভাৱনা নাই।
যােৱা ২৭ মে’ত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ দ্বাৰা হকাৰৰ অনুজ্ঞাপত্ৰধাৰী সকলৰ শাৰিৰীক অনুসন্ধান (তদন্ত) কৰে, কিন্তু এই তদন্ত কৰাৰ সন্দৰ্ভত যেনেধৰণে অনুজ্ঞাপত্ৰধাৰীসকলক জাননী দিব লাগিছিল, সেই মতে জাননী নিদিয়াৰ ফলত বহুতে তদন্তৰ কথাটো গম নােপােৱাৰ বাবে তদন্তৰ দিনা উপস্থিত থাকিব পৰা নাই। আনহাতে যি সকল হকাৰৰ অনুজ্ঞাপত্ৰধাৰী সকলৰ গাড়ীবােৰ সম্পূর্ণভাৱে জহি-খহি গৈছে।
এই বিষয়ে পূবৰ পৰাই বিষা-কর্মচাৰীসকলে জানে। সেই বাবে বিষয়া-কর্মচাৰীসকলে অনুজ্ঞাপত্ৰধাৰী সকলক মৌখিকভাৱে কৈছিল যে, গাড়ী নহলেও নিজৰ নিজৰ অনুজ্ঞাপত্ৰ আৰু তেল লােৱা বহী লৈ তদন্তত হাজিৰ হবলৈ পৰামর্শ দিয়াত সেই মতে বহুতে তিনিচুকীয়া গাড়ী, তেল আবণ্টন লােৱা বহী ও অনুজ্ঞাপত্ৰ লৈ হাজিৰ হয়। আন কিছুমানে গাড়ী নােহাৱাকৈ তেল আবণ্টন লােৱা বহী আৰু অনুজ্ঞাপত্ৰ লৈ তদন্তত অংশগ্রহণ কৰে। ইয়াৰ পিছত দেখা যায় যে যি সকল অনুজ্ঞাপত্ৰধাৰীয়ে তিনিচুকীয়া গাড়ীসহ তদন্তত হাজিৰ হৈছিল তাৰ মাজৰ আৰু গাড়ী নােহােৱাকৈ হাজিৰ হােৱা ভালেসংখ্যক হকাৰৰ অনুজ্ঞাপত্ৰধাৰী নাম Alotment ৰ তালিকাত নাম অন্তর্ভুক্ত হােৱা নাই ইয়াৰ কাৰণ আমি বুজিব পৰা নাই। যি সকল অনুজ্ঞাপত্ৰধাৰীয়ে তদন্তৰ দিনা উপস্থিত হৈ তদন্ত কৰালে এইসক হকাৰৰ অনুজ্ঞাপত্ৰধাৰীয়ে এনে কোনােধৰণৰ অপৰাধ কৰা নাই যাৰ বাবে এইসকলৰ নাম Alotment ৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাই। Alotment ত নাম নথকা সকলৰ বর্তমান পানীত হাঁহ নচৰা অৱস্থা হােৱাৰ লগতে পৰিয়াল পােহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সেই বাবে হকাৰৰ অনুজ্ঞাপত্ৰধাৰীসকলৰ হৈ যােৱা সাধাৰণ সভাত তেলৰ আবণ্টন বন্ধ কৰি ৰখাৰ বাবে দুখ প্রকাশ কৰি এক প্রস্তাৱ গ্ৰহণ কৰে যে, হকাৰৰ অনুজ্ঞাপত্ৰধাৰীসকলে আজিৰ পৰা ৩০-৪০ বছৰ কাল বিভাগীয় নির্দেশ মতে পৰিদর্শক, উপ-পৰিদৰ্শকসকলৰ তদাৰকৰ পৰামৰ্শৰ দ্বাৰা ও কেৰাচিন তেল ৰাইজৰ পদূলিয়ে পদূলিয়ে সেৱা কৰা মনােভাৱেৰে বিতৰণ কায্য কৰি আহিছে। এই মহান কাৰ্যৰ প্রতি সম্মান জনাই বন্ধ কৰি ৰখা হকাৰসকলৰ তেলৰ আবণ্টন মুকাই দিয়াৰ বাবে লগতে যি সকলে তদন্তৰ দিনা হাজিৰ হব পৰা নাই সেই সকলক পুনৰ নতুনকৈ দিন এটা ধায্য কৰাৰ বাবে সাধাৰণ সভাই বিনম্ৰ অনুৰােধ জনায়।
গতিকে কামৰূপ (মেট্র’) হকাৰ সন্থাৰ ফালৰ পৰা অনুৰােধ জনাওঁ যে যি সকল অনুজ্ঞাপত্ৰধাৰী সকলে তদন্তত হাজিৰ হব পৰা নাই সেই সকলৰ পুণৰ আন এটা তদন্তৰ দিন ধাৰ্য্য কৰি তদন্ত কৰাৰ লগতে যি সকলৰ ইতিমধ্যে তদন্ত কৰা হৈছে তাৰ মাজৰ যি কেইজনৰ কেৰাচিন তেল বন্ধ ৰাখিছে সেই সকলৰ বন্ধ ৰখা তেলখিনি মােকলাই দিয়াৰ এক নির্দেশ দি হকাৰসকলৰ লগতে বিতৰণ কৰা এলেকাৰ ৰাইজৰ উপকাৰ কৰিবলৈ কামৰূপ মহানগৰ (মেট্ৰ’) হকাৰ সন্থাৰ হৈ মুখ্য উপদেষ্টা আলম পাটোৱাৰী, উপদেষ্টা জিতু দাস, সভাপতি চালি গ্ৰামগিৰি আৰু সাধাৰণ সম্পাদক অৰবিন্দ পোদ্দাৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ খাদ্য আৰু যোগান বিভাগৰ আয়ুক্ত আৰু সঞ্চালকলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি