নগাঁও : কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন নিৰ্যাতনৰ কাহিনীয়ে পুনৰ নতুন মোৰ লৈছে। নগাঁও সদৰ আৰক্ষী থানাত গোহাঁইৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰাৰ পাছত নগাঁও আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত ৰহস্যজনক ভূমিকা লোৱাত গোহাঁইৰ এই যৌন কেলেংকাৰীৰ অধ্যয়টো ক্ৰমাত্ তল পৰিছিল যদিও কালি নিশা ছচিয়েল মিডিয়া ফে’চবুকত নিৰ্যাতিত মহিলাগৰাকীৰ স্বামীয়ে দিয়া এক চাঞ্চল্যকৰ ষ্টেটাছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মহিলাগৰাকীৰ স্বামীয়ে কালি নিশা ৯.৩৩ বজাত ফে’চবুকত দিয়ে যে, ‘‘মই ভাঙি পৰিছো…. মোক বহুত প্ৰেছাৰ দিছে… মই কি কৰো… ডাঙৰ মানুহৰ বাবে আইন নাই।’’
মহিলাগৰাকীৰ স্বামীয়ে ফে’চবুকত ৰাজেন গোঁহাইৰ কু-কীৰ্তি প্ৰথমে প্ৰকাশ কৰিছিল আৰু বিষয়টো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত সংবাদ মাধ্যমৰ গালৈ দোষ ঠেলি দি বিষয়টো নিজৰ মাজত বুজাবুজি হৈ যোৱা বুলি উল্লেখ কৰি সংবাদ মাধ্যমক ইয়াক লৈ হুলস্থূল নকৰিবলৈও আহ্বান জনাইছিল। কিন্তু পুনৰ মহিলাগৰাকীৰ স্বামীয়ে ফে’চবুকত সৰৱ হৈ পৰি এইদৰে মন্তব্য কৰাত স্বাভাৱিকতে বিষয়টোক লৈ ৰহস্যঘন পৰিৱেশৰ সৃষ্টি হৈছে। লক্ষ্যণীয় যে, নিজৰ কন্যাসম এগৰাকী ২২ বছৰীয়া বোৱাৰীক চাকৰিৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠা কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী গোহাঁইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱা আজি প্ৰায় ডেৰ মাহ উকলি গ’ল যদিও নগাঁও আৰক্ষীয়ে গোচৰটোৰ ক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰিছে।
নগাঁও আৰক্ষীয়ে আজি পৰ্যন্ত ৰাজেন গোহাঁইক জেৰা কৰাটো দূৰৰে কথা, এই পৰ্যন্ত সোধপোছ কৰিবলৈও সাহস গোটাব পৰা নাই। তদুপৰি দিল্লীত সংবাদ মাধ্যমৰ আগত ৰাজেন গোহাঁয়ে ‘‘মোৰ বিৰুদ্ধে এয়া ৰাজনৈতিক ষড়যন্ত্ৰ’’ বুলি মন্তব্য কৰিয়েই মৌনব্ৰত পালন কৰা কাৰ্যই সমগ্ৰ বিষয়টোক এতিয়াও ৰহস্যৰ আৱৰ্তত ৰাখিছে। আনকি যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত দিল্লীৰ পৰা আহি অসমতো সংবাদ মাধ্যমৰ পৰা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰা ৰাজেন গোহাঁয়ে গোচৰটোৰ ক্ষেত্ৰত ভুক্তভোগী মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামী অথবা পৰিয়ালৰ লোকক ভয় দেখুৱাইছে, ভাবুকি দিছে নেকি বুলিও প্ৰশ্ন উঠিছে। মহিলাগৰাকীৰ স্বামীয়ে ফে’চবুকত দিয়া ষ্টেটাছ এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।