কৰিমগঞ্জ : লােমহর্ষক হত্যাকাণ্ড সংঘটিত হ’ল কৰিমগঞ্জত। মাতৃৰ সৈতে প্রতিৱেশী জগদীশ মণ্ডলৰ কাজিয়াৰ পৰিণতিত প্রাণ হেৰুৱাবলগীয়া হয় দ্বিতীয় শ্রেণীৰ ছাত্র ছানি দেৱে (৭)। আজি জগদীশৰ ভাৰাঘৰৰ পৰা ছানিৰ মৃতদেহ উদ্ধাৰৰ পাছত অঞ্চলটোত তীব্র উত্তেজনা সৃষ্টি হয়।
উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰে জগদীশৰ ভাৰা ঘৰ। উল্লেখযােগ্য যে কৰিমগঞ্জ চহৰৰ ৩১৯নং চড়কুড়ি নিম্ন প্রাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্র ছানি দেৱ যােৱা শুকুৰবাৰে বিয়লি টিউছনলৈ যােৱাৰ পাছৰ পৰাই সন্ধানহীন হয়। পৰিয়ালৰ লােকে শিশুটিৰ নিৰুদ্দেশ সন্দৰ্ভত স্থানীয় থানাত এজাহাৰ দাখিল কৰিছিল। আজি স্থানীয় ৰাইজে চৰজাৰনগৰ আৰক্ষী চকীৰ পৰা মাথোঁ ২০ মিটাৰ দূৰত থকা জগদীশৰ ভাৰাঘৰৰ পৰা দুর্গন্ধ ওলােৱাত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত ঘৰৰ তলা ভাঙি ঘৰৰ বিছনাৰ তলৰ পৰা নিখােজ ছানিৰ মৃতদেহ উদ্ধাৰ কৰে। হত্যাকাৰী জগদীশে অতি নৃশংসভাৱে ছানিৰ মুখত গামােচাৰে বান্ধি হত্যা কৰা বুলি আৰক্ষীয়ে প্রাথমিক তদন্তত প্ৰকাশ কৰিছে। প্রণিধানযােগ্য যে কিছুদিন পূর্বে জগদীশৰ সৈতে ছানিৰ মাতৃ অঞ্জনা দেৱৰ কাজিয়া হৈছিল আৰু এই কাজিয়াৰ পৰিণাম ভয়াৱহ হ’ব বুলি জগদীশে ভাবুকি দিছিল। জগদীশে ছানিক নৃশংসভাৱে হত্যা কৰি ঘৰৰ তলা বন্ধ কৰি পলায়ন কৰে। ইফালে উত্তেজিত স্থানীয় ৰাইজে ভাঙি লণ্ডভণ্ড কৰে জগদীশৰ ভাৰাঘৰ। স্থানীয় ৰাইজৰ দাবী— দোষী জগদীশক কৰায়ত্ত কৰি উচিত শাস্তি দিব লাগে।