গুৱাহাটী : অসম প্রদেশ মহিলা কংগ্রেছৰ ৩৫ তম প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহিলা কংগ্রেছৰ পতাকা স্থাপিত কৰাৰ উদ্দেশ্যৰে অসম প্রদেশ মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্রী চেহনাজ ইয়াছমিন হকৰ নেতৃত্বত ১৫ ছেপ্তেম্বৰত ৰাজীৱ ভৱন প্রাঙ্গনত আয়ােজন কৰা সভাত উপস্থিত থাকে ৰাজ্যখনৰ প্রাক্তন মন্ত্রী ভূমিধৰ বৰ্মন, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ও কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা জাৰজুম ইংতি, উপ-সভাপতি তথা প্রাক্তন জেষ্ঠ মন্ত্রী শৰৎ বৰকটকী, সাধাৰণ সম্পাদক শৈলেন বৰা, ৰঞ্জন বৰাৰ উপৰিও মহিলা কংগ্ৰেছ কৰ্মীৰ শীর্ষ নেতৃবৃন্দ, অসমৰ বিভিন্ন জিলাৰ পৰা অহা জিলা সভানেত্রীসকল, ব্লক সভানেত্রীসকল আৰু অসম প্রদেশ মহিলা কংগ্ৰেছৰ উপ-সভানেত্রী তথা সমূহ বিষয়ববীয়া লগতে বহু সংখ্যক কর্মী উপস্থিত থাকে।
উক্ত সভাত অসমৰ প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী চেহনাজ ইয়াছমিনে মহিলা কংগ্রেছৰ নিজা পতাকা উন্মােচন কৰে আৰু লগতে তেওঁৰ দিনত মহিলা কংগ্ৰেছে নিজৰ চিহ্ন পাবলৈ সক্ষম হােৱাত বিশেষভাৱে ৰাহুল গান্ধীক আৰু নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্রী সুস্মিতা দেৱক ধন্যবাদ জনায়।
উক্ত সভাত সভানেত্রী গৰাকীয়ে কয় যে, এই ঐতিহাসিক দিনত মহিলা কংগ্ৰেছৰ পতাকাখনে আমাক সাহস আৰু ভাৰতীয় কংগ্রেছৰ প্ৰতি থকা নিষ্ঠা সাহস পৰিচায়ক হৈ ৰব। এই প্রতীকৰ দ্বাৰা অসমৰ প্রতি গৰাকী মহিলাই গৌৰৱ অনুভৱ কৰাে। লগতে তেখেতে এইটো জনাই যে এই প্রতীক চিহ্ন থকা পতাকা খণৰ দ্বাৰা ৰাজনীতিত কাম কৰা সামাজিক আন্দোলনত অংশগ্রহণ কৰাত মহিলা সকলৰ অগ্রণী ভূমিকা হ’ব। ইয়াৰ উপৰিও প্রদেশ কংগ্রেছৰ লগতে এই প্রতীকৰ দ্বাৰা আমি মহিলা সকলে গাৱেঁ গাৱে ঘৰে ঘৰে কংগ্ৰেছক এক শক্তশালী ৰূপত গঢ়ি তুলিবলৈ সক্ষম হ’ম।