মন্দিয়া : বৰপেটাৰ য’তিগাওঁস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ডাঃমনিদীপা ৰয়ে একাধিকবাৰ আশাকৰ্মী সকলক শাৰীৰিক ভাৱে প্ৰহাৰ কৰি অহাৰ দৰে ৰবিবাৰও ডাঃ ৰয়ে আশা কৰ্মী মাজেদা খাতুনক কৰ্মৰত অৱস্থাত শাৰীৰিক প্ৰহাৰ কৰে।ঘটনাৰ বিৱৰণী মতে ৰবিবাৰে আশা কৰ্মী গৰাকীয়ে এগৰাকী প্ৰসূতিক চিকিৎসালয়ত ভৰ্তি কৰিছিল।প্ৰসূতি গৰাকীয়ে অতিমাত্ৰা প্ৰসৱবেদনাত ছটফটাই থকা আৰু বিচনাতেই সন্তান প্ৰসৱ কৰাৰ উপক্ৰম হোৱা দেখি ততাতৈয়াকৈ কৰ্তব্যৰত ডাঃ মনিদীপা ৰয়ৰ কাষলৈ গৈ ৰোগীৰ ওচৰলৈ আহিবলৈ কোৱা মাত্ৰই আশা গৰাকীৰ গালত প্ৰকাণ্ড চৰ শোধায়।ইয়াৰ পূৰ্বেও ডাঃ ৰয়ে আশাকৰ্মী ৰৌশনাৰা আহমেদ,সহৰ ভানু আৰু মাজেদা খাতুনকো শাৰীৰিক প্ৰহাৰ কৰি অহাৰ লগতে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ লগত অসাধু ব্যবহাৰ কৰি অহাটো অভ্যাসত পৰিনীত হৈছে।ঘনেপ্ৰতি ডাঃমনিদীপা ৰয়ে আশাকৰ্মী সকলক শাৰীৰিক প্ৰহাৰ কৰাত এইবেলি জাঙুৰ খাই উঠিল সদৌ অসম আশাকৰ্মী সন্থাৰ বৰপেটা জিলা সমিতি।আশাকৰ্মী সকলৰ ওপৰত শাৰীৰিক-মানসিক অত্যাচাৰৰ প্ৰতিবাদত সোমাবাৰে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় চৌহদত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰে।চি আই টি ইউৰ বৰপেটা জিলা সমিতিৰ যুটীয়া সম্পাদক জয়নাল আবেদিন আৰু আশাকৰ্মীৰ বৰপেটা জিলা সন্থাৰ সভানেত্ৰী স্বাহিদা খাতুনৰ স্বাক্ষৰিত দুই দফিয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰেৰণ কৰে।অধ্যক্ষৰ হৈ উপ-অধীক্ষক ডাঃ দ্বীপাংকৰ বৰুৱাই স্মাৰক পত্ৰ গ্ৰহণ কৰি কয় যে ঘটনা সন্দৰ্ভত উচিত তদন্ত সাপেক্ষে আশাকৰ্মী সকলক ন্যায় প্ৰদান কৰা হ’ব।উল্লেখ্য যে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰ,কৰ্মচাৰী আৰু চিকৰটি গাৰ্ডৰ দ্বাৰা ৰোগী আৰু ৰোগী সকলৰ আত্মীয়ই সঘনাই অপদস্থ হৈ অহা ঘটনাই সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।