তেজপুৰ : হত্যাৰ অভিসন্ধি ৰচি কাগাৰাৰৰ পৰা পেৰলত মুক্তি লাভ কৰা এজন কয়দীৰ মৃতদেহ উদ্ধাৰ হােৱা ঘটনাই তেজপুৰত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। এটা নৃশংস হত্যাকাণ্ডৰ পূর্বে তেজপুৰ বেছেৰীয়া বাকৰিগাঁৱৰ জিতেন নাথ নামৰ লােকজনে ঘৰৰ সমীপৰে মৃদুল দাস নামৰ যুৱক এজনক হত্যা কৰি ঘৰৰ মজিয়াত গাত খান্দি পুতি থৈছিল। জিতেনৰ পত্নীৰ সৈতে মৃদুলৰ অবৈধ সম্পর্ক থকাৰ সন্দেহতে মৃদুলক এইদৰে হত্যা কৰিছিল জিতেনে। তেজপুৰ আদালতে জিতেনক যাৱজ্জীৱন কাৰাবাসৰ নির্দেশ দিছিল। যােৱা ২৮ আগষ্টৰ পৰা ২০ দিনৰ বাবে ছুটি লৈ পুনৰ ঘৰলৈ যােৱা জিতেনে কালি নিশা পুনৰ সংঘটিত কৰিলে আন এক অপৰাধ। চোকা অস্ত্ৰৰে পত্নীক হত্যাৰ চেষ্টা কৰি কালি নিশা ঘৰৰ পৰা পলায়ন কৰে। এই ঘটনা ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে অঞ্চলটোত ব্যাপক চাঞ্চল্য সৃষ্টি হয়। ঘটনাস্থলীত বেবেজীয়া আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযােগত কল্পনা দেৱী নামৰ মহিলাগৰাকীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে পত্নীৰ মৃত্যু হােৱা বুলি নিশ্চিত হৈ জিতেন নাথে আত্মহননৰ পথ বাচি লয়। আজি পুৱা আৰক্ষীয়ে জিতেনক বিচাৰি ঘৰৰ পিছফালে জংঘলত চিপ লােৱা অৱস্থাত উদ্ধাৰ কৰে। ইফালে গুৰুতৰভাৱে আহত জিতেনৰ পত্নীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয়। স্থানীয় লােকৰ মতে মৃদুল দাসক হত্যা কৰাৰ পাছত পত্নীক হত্যাৰ উদ্দেশ্যে জিতেনে তেজপুৰ কাৰাগাৰৰ পৰা ছুটিত ঘৰলৈ গৈছিল।