শিৱসাগৰ : শিৱসাগৰ জিলাৰ দিখৌমুখ ন কটানী কালু গাঁৱৰ যুৱক-যুৱতী আৰু মহিলা সংগঠন ‘তেজস্বিনী’ৰ প্ৰচেষ্টাত ইতিমধ্যে অৰ্কিড পথলৈ ৰূপান্তৰিত হোৱা পথটোত আজি বৃহত্তৰ দিখৌমুখ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ বহুসংখ্যক ৰাইজে ৰাজহুৱাকৈ বিভিন্ন প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰে৷ উল্লেখযোগ্য যে, গৌৰীসাগৰ দিখৌমুখ সংযোগী বৰআলিৰ পৰা ন কটানী কালু গাঁৱলৈ দীঘল দৰিয়লী নামেৰেও জনাজাত গাঁওখনলৈ সোমাই যোৱা প্ৰায় এক কিঃ মিঃ দৈৰ্ঘ্যৰ পথটোৰ দুয়োকাষে গাঁওখনৰ পূৰ্বপুৰুষসকলে শ বছৰৰ পূৰ্বেই ৰোপণ কৰি যোৱা শতাধিক এজাৰ আৰু শাৰী শাৰী হিদল গছবোৰত শেহতীয়াকৈ গাঁওবাসীয়ে কপৌ, ভাটৌকে ধৰি ভিন্ন প্ৰজাতিৰ অৰ্কিড ৰোপণেৰে পথটোক অৰ্কিড পথৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে৷ গাঁওবাসীৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাত আজি অঞ্চলৰ সমাজকৰ্মী যদুমণি গোস্বামী, বিউটী দত্ত, বুবুল দত্ত, অভিজিত বড়া, নীলাক্ষী নেওগকে ধৰি ‘তেজস্বিনী’ৰ সদস্যা আৰু যুৱকসকলে বহু সংখ্যক ভিন্ন প্ৰজাতিৰ অৰ্কিড ৰোপণেৰে সহযোগিতা আগবঢ়ায়৷ ৰাইজৰ এই সহযোগিতাৰ বাবে গাঁওবাসীয়ে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে৷