গুৱাহাটী : গেৰুকামুখত নির্মাণ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল বান্ধৰ ওপৰেৰে প্রবল বেগেৰে বাগৰিছে পানী৷ উল্লেখযোগ্য যে সোৱণশিৰি নদীৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ যাৰ বাবে প্রকল্পটোত ৮০ হাজাৰ ঘন মিটাৰ পানী জমা হৈছে৷ ফলত ১৩৫ ঘন মিটাৰ ওপৰলৈ উঠি ডাইভার্ছন টানেলেৰে যাব নোৱাৰি মূল বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰিছে৷ ইয়াক লৈ নৈপৰীয়া জনসাধাৰণে জলপ্রলয়ৰ আশংকাত আতংকিত হৈ পৰিছে৷
উল্লেখযোগ্য যে নদীবান্ধৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্রতিবাদ কৰি আহিছে যদিও এন এইচ পি চিয়ে গোপনে নির্মাণকার্য অব্যাহত ৰাখিছে৷ নির্মাণ সংস্থাটোৱে ইতিমধ্যে নামনি সোৱণশিৰিৰ মূল নদীবান্ধ নির্মাণৰ কাম প্রায় ৮০ শতাংশ সম্পন্ন কৰিলে৷ একেদৰে নদীবান্ধটোৰ পাৱাৰ হাউছকে ধৰি প্রায় ৬০ শতাংশ কামো সম্পূর্ণ৷ এই কামবোৰ ত্রুটীপূর্ণ বুলি বিভিন্ন দল-সংগঠনে দাবী কৰি আহিছে৷ তেওঁলোকে দাবী কৰা মতে গেৰুকামুখ পাহাৰটো ভূমিকম্পপ্রৱণ, বালিয়া আৰু অতি ঠুনুকা৷ যাৰ বাবে দীর্ঘদিন বন্ধ হৈ থকা প্রকল্পটোৰ গার্ড ৱালকে ধৰি বহু ঠাইত টানেলৰ ভিতৰৰ অংশ খহি পৰিছে৷
ইফালে, টানেল বহুৱাবলৈ যিবোৰ টানেলবেছ নির্মাণ কৰা হৈছিল, সেইবোৰ এতিয়া মামৰে ধৰি পচিবলৈ আৰম্ভ কৰিছে৷ সোৱণশিৰি নদীখনক সম্পূর্ণৰূপে ভেটা দি নামনি সোৱণশিৰিৰ মূল নদীবান্ধৰ কাম সম্পন্ন কৰিবৰ বাবে এন এইচ পি চি উঠি-পৰি লাগিছে৷ চৰম মিথ্যাচাৰেৰে গোপনে দিনে-নিশাই অব্যাহত ৰাখিছে কাম৷ সেউজ ন্যায়াধিকৰণৰ চলি থকা গোচৰ আৰু বিশেষজ্ঞৰ প্রতিবেদনকো নস্যাৎ কৰি মিথ্যাচাৰেৰে মূল নদীবান্ধৰ কাম চলাই থকা কার্যক আজি সংগঠনসমূহে তীব্র গৰিহণা দিছে৷